সাহিত্যিক, গল্পকাৰ, সাংবাদিক ড° সাৰদানন্দ দেৱগোস্বামীৰ দেহাৱসান...

সাহিত্যিক, গল্পকাৰ, সাংবাদিক ড° সাৰদানন্দ দেৱগোস্বামীৰ দেহাৱসান...
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ নৰোৱা বালিসত্ৰ উকা কৰি গুছি গ'ল সাহিত্যিক, সাংবাদিক, গল্পকাৰ, ঔপন্যাসিক, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ সাৰদানন্দ দেৱগোস্বামীয়ে ৷ সোমবাৰে সন্ধিয়া হোজাইৰ হাম চিকিৎসালয়ত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে ৷ তেওঁৰ মৃত্যুৰ সংবাদ বিয়পি পৰাৰ লগে লগে হোজাইত শোকৰ ছাঁ বিয়পি পৰে ৷

১৯৪৩ চনত নগাঁৱৰ শ্ৰীশ্ৰী নৰোৱা বালিসত্ৰত জন্মগ্ৰহণ কৰা সাহিত্যিকগৰাকীয়ে পৰৱৰ্তী সময়ত হোজাইত নিগাজিকৈ থাকিবলৈ লয় ৷ সম্প্ৰতি হোজাই চহৰৰ বিষ্ণুপল্লীৰ স্থায়ী বীসিন্দা আছিল দেৱগোস্বামী৷ পিতৃ শিবেন্দ্ৰ নাৰায়ণ দেৱগোস্বামী আৰু মাতৃ উষা দেৱী গোস্বামীৰ পুত্ৰ ডঃ সাৰদানন্দ দেৱগোস্বামীয়ে ১৯৫৯ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক, ১৯৬১ চনত উত্তৰ লক্ষীমপুৰ কলেজৰ পৰা আই এ (কলা শাখা)ত উত্তীৰ্ণ, ১৯৬৪ চনত নগাঁও কলেজৰ পৰা কলা শাখাত স্নাতক আৰু পৰৱৰ্তী ১৯৬৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে৷ 'নাট্যকাৰ লক্ষ্মীদেৱঃ জীৱন আৰু সাহিত্য কৃতিঃ এটি সমীক্ষাত্মক অধ্যয়ন' বিষয়ত গৱেষণা কৰি তেখেতে ২০০২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিএইচডি ডিগ্ৰী গ্ৰহণ কৰে ৷

১৯৭১ চনত হোজাই কলেজত অসমীয়া বিভাগৰ অধ্যাপকৰূপে চাকৰি জীৱন আৰম্ভ কৰা ড০ সাৰদানন্দ দেৱগোস্বামীয়ে ১ মে' ২০০২ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ অৱসৰৰ পিছতো শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত আছিল ড০ দেৱগোস্বামী ৷ হোজাইৰ এৰিয়ান কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ৷ গৱেষক-সাহিত্যিক গৰাকীয়ে নিজৰ জীৱনকালত বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা আয়োজিত বিভিন্ন কর্মশালা, ছেমিনাৰ আদিত সমল ব্যক্তিৰূপেও অংশ গ্রহণ কৰিছিল। অধ্যাপনাৰ সমানে সাহিত্য জগতখনত তেখেতে অৱদান আগবঢ়াই থৈ গৈছে ৷

অসমীয়া সাহিত্যত 'ৰয়নী বিদূৰ', 'নিশি শয়নে গোৱাই', 'পবন বৈৰাগী', 'দিবসে আন্ধাৰি', 'উত্তল', 'সৰত্নি', 'পৰাণ নিগৰে' আদি তেওঁৰ উল্লেখযোগ্য উপন্যাস ৷ তেওঁ ৰচনা কৰা কিশোৰ উপন্যাস হৈছে ক্ৰমে 'তিমিৰ ফাৰিয়া', 'বিছোড়ি ৰহয়ে নপায়'। তেওঁৰ গল্প সংকলন কেইখন হৈছে 'অযান্ত্রিক', 'দাগ আৰু অন্যান্য', 'সাময়িক প্ৰসংগ', 'গ্রহণ মুক্তি'। ডঃ সাৰদানন্দ দেৱগোস্বামীৰ কবিতা সংকলন হৈছে 'আহৰি পৰৰ পদ্য', 'জৱনী সংগ্রহঃ নৱনিধি'। আনহাতে তেওঁৰ গৱেষণাধৰ্মী গ্ৰন্থ হৈছে নাট্যকাৰ লক্ষ্মীদেৱঃ জীৱন আৰু কৃতি, ঐতিহাসিক পটভূমিত হোজাই, উপনিষদৰ পৰিচয় আৰু কাহিনী, বিবিধাঃ নির্বাচিত প্রবন্ধ, নিবন্ধ চয়ন আদি। তদুপৰি তেখেতে ভালেমান আলোচনী, স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে ৷ সম্পাদিত গ্রন্থ হৈছে 'কীৰ্ত্তির্যস্য', 'অপ্রমেয়', 'চন্দ্ৰজ্যোতি', 'শংকৰদেৱ পৰা শিবেন্দ্ৰদেৱলৈ' উল্লেখযোগ্য ৷

আকাশবাণী গুৱাহাটী কেন্দ্রৰ 'সাহিত্য চ'ৰা' অনুষ্ঠানতো ড০ সাৰদানন্দ দেৱগোস্বামীৰ চুটি গল্প, প্রবন্ধ, ৰসৰচনা আদি প্ৰচাৰিত হৈছে ৷ বৰ্তমানলৈ ছশতকৈয়ো অধিক গল্প, বিবিধ বিষয়ৰ ইংৰাজী আৰু অসমীয়াত লিখা প্ৰবন্ধ, ৰসৰচনা আদি কাকত-আলোচনীত প্রকাশ হোৱাৰ উপৰিও অসমীয়া বিশ্বকোষতো তেখেতৰ প্রবন্ধ সন্নিবিষ্ট হৈছে। অসমৰ সত্ৰৰ পটভূমিত ৰচিত প্ৰথম অসমীয়া উপন্যাস (প্রকাশ-১৯৭১) 'নিশি শয়নে গোৱাই'ৰ বাবে মৰ্কজুল মা'আৰিফৰ দ্বাৰা জ্ঞান মালিনী বঁটা লাভ (১৯৮৬ চন), ২০০৮ চনত অসম চৰকাৰৰ দ্বাৰা সাহিত্য বঁটা লাভ লাভ কৰে৷

২০১৬ চনত তেওঁলৈ অসম চৰকাৰে সাহিত্যিক পেঞ্চন সন্মান আগবঢ়ায় ৷ তাৰোপৰি ২০১৮ চনত নগাঁও জিলা সাহিত্য সভাৰ দ্বাৰা ড০ সূর্যকুমাৰ ভূঞা বঁটা, ২০১৮ চনত 'চাচ'ৰ জীৱনজোৰা সাহিত্য বঁটা লাভ কৰে ৷ তেওঁ হোজাই মহকুমাত ১৯৭১ চনৰ পৰা ২০০৪ চনলৈকে বিভিন্ন কাকতত সাংবাদিক হিচাবে নিয়োজিত হৈ সংবাদ সেৱাও আগবঢ়াইছিল ৷ লগতে ১৯৯৬ চনৰ পৰা ১৯৯৯ চনলৈ তেখেত আছিল হোজাই প্ৰেছ ক্লাবৰ সভাপতি, ২০০৯ চনৰ পৰা ২০১৬ লৈ হোজাই কলেজ পৰিচালনা সমিতিৰ সভাপতি, ১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈ হোজাই সাহিত্য সভাৰ সভাপতি, ১৯৯১ চনৰ পৰা ১৯৯৫ চনলৈ নগাঁৱৰ নৰোৱা বালিসত্ৰ পৰিচালনা সমিতিৰ সভাপতি, ২০১৮ চনৰ পৰা ২০২০ চনলৈ হোজাই জিলা সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত আছিল ৷

তেওঁৰ এই বৰ্ণিল কৰ্মৰাজীৰ বাবে হোজাইৰ শ্রীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্রই তেখেতলৈ ২০২২-'২৩ বৰ্ষৰ বাবে 'ডেকাগিৰি' বঁটা আগবঢ়ায়৷ এইগৰাকী বৰেণ্য সাহিত্যিকৰ বিয়োগত হোজাইত গভীৰ শোকৰ ছাঁ পৰিছে৷ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে হোজাই মৰ্কজুল মাৰিফৰ সভাপতি চামচুল হক চৌধুৰী, শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্পাদক গজেন হাজৰিকা, অসম কবি চক্ৰৰ সভাপতি ডঃ হাছিনুচ চুলতান, আজমল ফাউণ্ডেছনৰ সঞ্চালক খছৰুল ইছলাম, যমুনাপৰীয়া শাখা সাহিত্য সভা, হোজাই জিলা সাহিত্য সভা, হোজাই প্ৰেছ ক্লাৱ, যমুনাভেলী প্ৰেছ ক্লাৱ, অসম আবৃত্তি পৰিষদ, হোজাই জিলা সমিতিৰ সভাপতি অচ্যুত ঠাকুৰীয়া, সম্পাদক ৰূপা বৰা দাসকে ধৰি বিভিন্ন দল-সংগঠনে ৷ মৃত্যুৰ সময়ত পত্নি, দুই পুত্ৰ সহ নাতিনীক এই সংসাৰ এৰি থৈ যায়৷

সাহিত্যিক, গল্পকাৰ, সাংবাদিক ড° সাৰদানন্দ দেৱগোস্বামীৰ দেহাৱসান...
শিৱসাগৰত অব্যাহত আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in