হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে শৰ্মিষ্ঠা প্ৰীতম আৰু প্ৰাঞ্জল মহন্তই

হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে শৰ্মিষ্ঠা প্ৰীতম আৰু প্ৰাঞ্জল মহন্তই
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱা: পবিত্ৰ ভাদ মাহত হোমৰ জুইক সাক্ষী কৰি মঙলবাৰে যুগ্ম জীৱন আৰম্ভনি কৰিলে শৰ্মিষ্ঠা প্ৰীতম আৰু প্ৰাঞ্জল মহন্তই। নীলপৱন-দীপালিৰ দৰে অমৰ প্ৰেমৰ কাহিনীৰ সাক্ষী হৈ ৰ'ল শৰ্মিষ্ঠা প্ৰীতম আৰু প্ৰাঞ্জল মহন্ত। মাংগলিক ৰীতি নীতিৰে বটদ্ৰৱা সমষ্টিৰ ঐতিহ্যমণ্ডিত সোনাইপাৰৰ গৌৰীনাথ শিৱমন্দিৰত হোমৰ জুইত সাক্ষী কৰি আজিৰে পৰা যুগ্ম জীৱনৰ পাতনি মেলিলে এই দুৰন্ত প্ৰেমিক-প্ৰেমিকাই।

যাৰ বাবে আয়তীৰ উৰুলি আৰু মাংগলিক ধ্বনিৰে মুখৰিত হৈ পৰিল গৌৰীনাথ শিৱমন্দিৰ প্ৰাংগণ। শিল্পী, সাহিত্যিক, সাংবাদিক আৰু ইষ্ট কুটুম্বৰ উপস্থিতিত উখল মাখল পৰিৱেশত অতিথি আপ্যায়নত ব্যস্ত হৈ পৰিল পৰিয়ালবৰ্গ। উল্লেখ্য যে, পখিলা খেদাৰ বয়সতে শৰ্মিষ্ঠাৰ ভৰি দুখন অসাৰ হৈ গৈছিল।

এছ এম এ ৰোগত আক্ৰান্ত হৈ হেৰুৱাই পেলাইছিল শৈশৱৰ মাধুৰ্যতা। ফুলগুৰিৰ “শান্তি নিলয়”ৰ এটা কোঠাৰ এখন শেতেলীয়েই জীৱন সংগী হৈ পৰিছিল। কিন্তু সাহসী শৰ্মিষ্ঠাই যুঁজিলে, হুইল চেয়াৰ আৰু ঘৰৰ সেই শেতেলীখনতেই আৰম্ভ কৰিলে সংগ্ৰাম । হুইল চেয়াৰত বহিয়েই উচ্চ শিক্ষাৰ ডিগ্ৰী গ্ৰহণ কৰি তাই নিৰলসভাৱে সাহিত্য চৰ্চা কৰি গ'ল। এই এছ এম এ যোদ্ধা শৰ্মিষ্ঠা প্ৰীতমৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যৰ ক্ষেত্ৰখনত তাইক জিলিকাই তোলাৰ আঁৰৰ ব্যক্তি গৰাকীয়েই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত । ইয়োৰপৰি এই দুৰাৰোগ্য ব্যাধিৰ ব্যয়বহুল চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহৰ অভিযান আৰম্ভ কৰাৰ ক্ষেত্ৰতো বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল এই যুৱকগৰাকীয়ে ।

আনহাতে শৰ্মিষ্ঠাক কঠিন জীৱন-যাপনৰ মাজতো লিখিবলৈ সাহস দি যোৱা যুৱকজনেই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত। আজি সেই লেখক, গ্ৰন্থ প্ৰকাশক তথা সাংস্কৃতিক সংগঠক প্ৰাঞ্জল কুমাৰ মহন্তৰ সৈতে শৰ্মিষ্ঠাৰ মাংগলিক বিবাহ সম্পন্ন হয়। বিবাহ অনুষ্ঠানত গৌৰীনাথ শিৱমন্দিৰৰ ভকত বৈষ্ণৱেও চৌহদতে প্ৰাঞ্জল-শৰ্মিষ্ঠাক আশীৰ্বাদ প্ৰদান কৰি ধৰ্ম বস্ত্ৰৰে আদৰণি জনাল।

ইফালে বিবাহ অনুষ্ঠান অংশ গ্ৰহণ কৰি ৰাজ্যৰ কেইবাগৰাকী শিল্পী, সাংবাদিকৰ লগতে প্ৰতিদিন টাইমৰ মূখ্য সম্পাদক নিতুমনি শইকীয়াই "জনসাধাৰণৰ বাবে প্ৰাঞ্জল আৰু শৰ্মিষ্ঠা এক প্ৰেৰণা। আজিৰ পৰিবেশ পৰিস্থিতিত আনতকৈ বহুত পৃঠক। মই ভাবোঁ কিছুমান মানুহে কিছুমান কাম, অথাৎ কেৱল তেওলোকেহে কৰিব পাৰে। তেনেকুৱা এক শক্তিৰ অধিকাৰী প্ৰাঞ্জল মহন্ত। শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ শৈলী অনন্য।

ইয়াত আজি সকলোৱে হিয়া উজাৰি আশীৰ্বাদ দিছে, ময়ো অকনমান মৰম আৰু শুভেচ্ছা দিবৰ কাৰণে তেওঁলোকৰ বিবাহত উপস্থিত হলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ যুগ্ম জীৱন সুখৰ হওঁক শান্তিৰ হওঁক। ভগৱানৰ দুয়োকে শক্তি দিয়ক। প্ৰাঞ্জল মহন্তই যিখিনি সাহস বুকুত বান্ধি জীৱন সংগী কৰিছে শৰ্মিষ্ঠা প্ৰীতমক। শৰ্মিষ্ঠায়েও যি সপোন লৈ প্ৰাঞ্জলৰ লগত বিবাহত আৱদ্ধ হৈছে, তেওলোকৰ মনোকামনা পূৰন কৰক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো" বুলি মন্তব্য কৰে।

আনহাতে বিশিষ্ট কণ্ঠশিল্পী অনিন্দিতা পালে বিবাহ অনুষ্ঠানত উপস্থিত থাকি" "শৰ্মিষ্ঠাক কঠিন জীৱন-যাপনৰ মাজতো লিখিবলৈ সাহস দি যোৱা যুৱক প্ৰাঞ্জল কুমাৰ মহন্ত। আজি সেই প্ৰাঞ্জলৰ সৈতেই যুগ্ম জীৱনৰ পাতনি মেলিলে শৰ্মিষ্ঠাই। দুয়োৰে জীৱন সুখৰ হওঁক। আমিও শুভাশিস-স্নেহাশিস যাচিলো" বুলি মন্তব্য কৰে।

আজি গৌৰিনাথ শিৱমন্দিৰৰ চৌহদতে প্ৰাঞ্জল-শৰ্মিষ্ঠাক শুভেচ্ছা জনাবলৈ বিশিষ্ট চলচিত্ৰ অভিনেতা অৰুণ নাথ, গল্পকাৰ শিবানন্দ কাকতি, বিশিষ্ট সমাজকৰ্মী লাচিত বৰদলৈ, কন্ঠশিল্পী দীগেন মহন্তকে আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত হয়। প্ৰচণ্ড গৰমকো নেওচি সকলোৱে এমুঠি অন্ন গ্ৰহন কৰি দৰা কইনাক হিয়া উজাৰি আশীৰ্বাদ দিয়ে।

হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে শৰ্মিষ্ঠা প্ৰীতম আৰু প্ৰাঞ্জল মহন্তই
বিপদে লগ এৰা নাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in