ডিজিটেল ডেস্কঃ সলনি কৰা হৈছে ‘অচিন্ত্য নাৰায়ণ হিৰণ্য প্রভা সোঁৱৰণী সাহিত্য বঁটা-২০২২' প্ৰদানৰ দিন। অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন, সতী ৰাধিকা মহিলা তীৰ্থই আগন্তুক ত্রি-বার্ষিক দুলিয়াজান অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল এই বঁটা। অহা ১৪, ১৫ অক্টোবৰ, ২০২৩ত অনুষ্ঠিত হ'ব লগীয়া এই অধিৱেশনস্থলীতেই বঁটা প্ৰদান কৰাৰ কথা জানিবলৈ দিছিল সংগঠনটোৱে।
কিন্তু অনিবার্য কাৰণবশতঃ উক্ত বঁটাটি অধিৱেশনস্থলীত প্ৰদান কৰা নহ'ব বুলি জানিবলৈ দিছে সংগঠনটোৰ কৰ্তৃপক্ষই। অক্টোবৰ মাহৰ পৰিৱৰ্তে ১, ২ আৰু ৩ ডিচেম্বৰ, ২০২৩ তাৰিখে অনুষ্ঠিত অধিৱেশনত বঁটাটি প্ৰদান কৰা হ'ব বুলি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত নিৰ্দ্ধাৰিত তাৰিখসহ অসমীয়া কাকতত যথাসময়ত বাতৰি প্ৰকাশ কৰা কথাও উল্লেখ কৰে প্ৰেছ বিবৃতিটোত।
Also Read: কাশী-বিশ্বনাথ দৰ্শন কৰি অহাৰ পথতেই দুৰ্ঘটনাঃ নিহত একেটা পৰিয়ালৰ ৮ জন, প্ৰাণ ৰক্ষা ৩ বছৰীয়া শিশুৰ