দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ দেশী-বিদেশী পৰীক্ষাৰ্থী

দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ দেশী-বিদেশী পৰীক্ষাৰ্থী
Published on
Updated on

ডিজিটেল ডেস্কঃ সত্ৰীয়া সঙ্গীতৰ বাবে ২৪ ছেপ্তেম্বৰ দিনটো অনাগত সময়ৰ বাবে পৰিগণিত হ'ল এক বিশেষ দিনত। সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনত দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ হ'ল ৩২ গৰাকী সত্ৰীয়া নৃত্য আৰু খোলৰ পৰীক্ষাৰ্থী। যিয়ে মুকলি কৰিলে সত্ৰীয়া সঙ্গীতৰ বাবে এক নতুন দিশ। প্ৰথমবাৰৰ বাবে ৭বছৰৰ শিক্ষা লৈ সত্ৰীয়া গুণীন পৰীক্ষাত অৱতীৰ্ণ হৈছে বিদেশী আৰু অসমৰ বাহিৰৰ লোক।

পদ্মশ্ৰী ঘনকান্ত পৰা বৰবায়নৰ নেতৃত্বত ৫০ বছৰীয়া সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদে সচিব ৰঞ্জুমণি শইকীয়াৰ তৎপৰতাত তদানীন্তন উপ নিয়ন্ত্ৰক সুৰজিৎ ভূঞাৰ পৰিকল্পনাত পাতনি তৰা দেশে বিদেশে সত্ৰীয়া সঙ্গীতৰ বিদ্যায়তনিক শিক্ষাৰ আৰম্ভণি হৈছিল দিল্লী, মুম্বাই, পুণা আৰু আমেৰিকাত। ইয়াৰে দিল্লীৰ সত্ৰীয়া নৃত্যশালা মীনাক্ষি মেধিৰ পৰিচালনাত পৰৱৰ্ত্তী সময়ত নয়দালৈ স্থানান্তৰিত হয়। ৭বছৰীয়া শিক্ষাৰ প্ৰথম দলটি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে । ৩২ গৰাকী পৰীক্ষাৰ্থীৰ কেন্দ্ৰটিৰ চূড়ান্ত ৩গৰাকীৰ এগৰাকী ফ্ৰান্সৰ, এগৰাকী উত্তৰ প্ৰদেশৰ ।

আনহাতে অৱতীৰ্ণসকলৰ মাজৰ ৯গৰাকী বিদেশী আৰু এন আৰ আই (NRI) হোৱাৰ বিপৰীতে আন ২০গৰাকী অনা অসমীয়া। আমষ্টাৰদাম, অকলেণ্ড, কানাডা, ডুবাই, কুৱেইট, নিউজাৰ্চি প্ৰভৃতিৰ উপৰি দেশৰ বিভিন্ন ঠাইৰ শিক্ষাৰ্থীয়ে অংশ লয়। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অফলাইন এনে গুণীন পৰীক্ষাত পৰীক্ষকৰূপে লক্ষীমপুৰৰ সত্ৰীয়া সঙ্গীত বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ভূঞাই পৰীক্ষা লয়। উল্লেখ্য যে, এই পৰীক্ষা অনলাইন অফলাইন দুয়োটা পদ্ধতিৰে হয়। পৰিষদৰ ৰাজ্যৰ বাহিৰৰ আন কেন্দ্ৰ সমূহটো তৎপৰতা চলি আছে। সত্ৰীয়া সঙ্গীতৰ বিদ্যায়তনিক শিক্ষাৰ প্ৰসাৰতা ৰাজ্য আৰু দেশৰ সীমা পাৰ হৈ সকলোকে আকৰ্ষিত কৰাটো এক সাফল্য সঙ্গীত সত্ৰৰ ।

দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ দেশী-বিদেশী পৰীক্ষাৰ্থী
গাইড প্ৰশিক্ষণঃ উপস্থিত ভাৰত পৰ্যটনৰ আঞ্চলিক সঞ্চালক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in