ডিজিটেল সংবাদ, লখিমপুৰঃ জোনবাইত চন্দ্ৰযান-৩ ৰ অৱতৰণত উৎফুল্লিত দেশবাসী। চন্দ্ৰত চন্দ্ৰযানৰ সফল অৱতৰণৰ বিৰল মূহুৰ্ত দেশবাসীৰ লগতে প্ৰত্যক্ষ কৰিলে লখিমপুৰৰ চয়ন দত্তৰ পিতৃয়ে। মোবাইলতে সমগ্ৰ দৃশ্য নিজৰ দোকানতে চালে পিতৃয়ে।
আজিৰ দিনটোক লৈ সকলোৱে কৰি আছিল অপেক্ষা। সময় বাগৰাৰ লগে লগে উৎকণ্ঠা বাঢ়িছিল দেশবাসীৰ ৷ লখিমপুৰৰ দৰে সৰু চহৰ এখনতে ঘৰ মহাকাশ বিজ্ঞানী তথা চন্দ্ৰযান ৩ ৰ উৎ্ক্ষেপন আৰু অৱতৰণ নিয়ন্ত্ৰণ পৰিচালনাৰ উপ সঞ্চালক ইছৰোৰ জি গ্ৰেডৰ বিজ্ঞানী চয়ন দত্তৰ ৷
তদুপলক্ষে লখিমপুৰত উছাহৰ সীমা নাই ৷এজন দুজনকৈ গ্ৰাহকৰো ভিৰ বাঢ়িছিল চয়ন দত্তৰ দেউতাক ৰঞ্জিত দত্তৰ দোকানখনত ৷ মনোযোগেৰে লোকজনে গ্ৰাহকৰ লগত কথাও পাতিব পৰা নাই ৷ অভ্যাসগত দুই এজনে শুভেচ্ছা জনাইছে ৷ সময় যিমানে বাঢ়িিছে সিমানে উৎকণ্ঠা বৃদ্ধি হৈছে ৷
৫.২০ মিনিটত মোবাইলত ডি ডি নেছনেল টেলিভিছন চেনেলটো অন কৰি চকু হাল থিৰ কৰি ল’লে তেওঁ ৷ কাউন্ট ডাউন আৰম্ভ হ’ল ৷ অৱশেষত চন্দ্ৰযান ৩ ৰ সফল অৱতৰণ হ’ল চন্দ্ৰৰ দক্ষিণ মেৰুত বিশ্বৰ বুকুত ইতিহাস ৰচনা কৰি ৷ ভাৰতৰ চন্দ্ৰ বিজয়ৰ লগে লগে দুচকুৰে আনন্দৰ ঢল বৈ আহিল তেওঁৰ ৷
ক্ষন্তেকৰ বাবে এই আনন্দই বাকৰুদ্ধ কৰি তুলিলে তেওঁৰ লগতে পত্নীকো ৷ চন্দ্ৰযান ৩ মহাকাশলৈ উৎক্ষেপনৰ সময়তো এই দৃশ্য দেখা গৈছিল মহাকাশ বিজ্ঞানী চয়ন দত্তৰ পিতৃৰ ক্ষেত্ৰত৷ উত্তৰ লখিমপুৰ চহৰৰ গোপী নগৰৰ ৰঞ্জিত কুমাৰ দত্তৰ জ্যেষ্ঠ পুত্ৰ ইছৰোৰ মহাকাশ বিজ্ঞানী চয়ন দত্ত ৷ যি গৰাকী বিজ্ঞানীয়ে আজি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা চন্দ্ৰযান ৩ ৰ অৰবিটাৰ ,লেণ্ডাৰ বিক্ৰম আৰু প্ৰজ্ঞান ৰ’ভাৰৰ অন বৰ্ড টেলিমেট্ৰিং ,ডাটা হেণ্ডলিং আৰু ষ্ট’ৰেজ এণ্ড কামাণ্ডিং ব্যৱস্হাপনাৰ বিশেষ নিয়ন্ত্ৰক আছিল আৰু প্ৰেৰণ কৰা মহাকাশ যান চন্দ্ৰ যান ৩ ৰ উৎক্ষেপন অভিযান পৰিচালনা কৰিছিল ৷
উল্লেখ্য যে উত্তৰ লখিমপুৰ চহৰৰ দহ নং ৱাৰ্ড গোপী নগৰৰ যুৱক মহাকাশ বিজ্ঞানী তথা ইউ আৰ ৰাও মহাকাশ গৱেষণা আৰু উপগ্ৰহ কেন্দ্ৰৰ অভিযন্তা বিজ্ঞানী চয়ন দত্ত ৷ ১৯৮৮ চনত উত্তৰ লখিমপুৰ ছেইন্ট মেৰিছ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱা চয়ন দত্তই নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক হৈছিল ৷ পিছলৈ গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা ইলেক্টনিক বিভাগত প্ৰথম শ্ৰেণীৰ স্নাতক হৈ এম টে ক ডিগ্ৰীও লাভ কৰিছিল ৷
তাৰ পাছত ভাৰত ইলেক্ট’নিক লিমিটেডত প্ৰজেক্ট মেনেজাৰ হিচাবে নিয়োজিত হৈছিল চয়ন দত্ত ৷ সেই সময়তে ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজ আই এন এছ ৰ এক বিশেষ টেলিফোনিক ডিভাইছ উদ্ভাৱণ কৰিছিল ৷ যাৰ দ্বাৰা নৌ সেনাৰ কথোপকথন বাৰ্তা আদি অভেদ্য হৈ পৰিছিল ৷ এয়াই আছিল বিজ্ঞানী চয়ন দত্তৰ কেৰিয়াৰৰ টাৰ্ণিং পইন্ট । তাৰ পাছতে ইছ’ৰত যোগদান কৰিছিল ৷ বিগত কুৰিটা বছৰে তেঁও ইছৰোৰ অধিনত বিজ্ঞানী হিচাবে কৰ্মৰত ৷
ইছৰোৰ সন্মানীয় জি গ্ৰেডৰ বিজ্ঞানী চয়ন দত্ত চন্দ্ৰযান ১ আৰু চন্দ্ৰযান ২ উৎক্ষেপনৰো সহযোগী আছিল ৷ চন্দ্ৰযান ২ ৰ উৎক্ষেপন সফলতাৰ পাছত চন্দ্ৰত অৱতৰণত বিফলতাৰ পৰা শিক্ষা লৈছিল তেওঁ ৷ পিতৃৰ লগতে মাতৃয়ে আজি পুত্ৰই চন্দ্ৰযান ৩ চন্দ্ৰ অভিযানৰ দৃশ্য নিজৰ ব্যৱসায়িক প্ৰতিস্থানতে নীৰৱে প্ৰত্যক্ষ কৰিছিল ৷
চয়ন দত্তৰ পিতৃয়ে কয় “ এই অভিযানৰ সফলতাৰ বাবে তেওঁলোকৰ দলটোৱে দৈনিক ১৬ ঘন্টাতকৈ অধিক কাম কৰে ৷ ৪৩ দিনলৈকে পৰিয়ালৰ পৰা বিছিন্ন হৈ আছে তেওঁলোক ৷ দেশবাসীৰ আশীৰ্বাদৰ বাবে এয়া সম্ভৱ কৰিছে তেঁওলোকে ৷ ”
মাতৃ শিলা দত্তই কয় যে, চয়ন বৰ ধাৰ্মিক ল’ৰা ৷ ইছৰোৰ প্ৰথম দৰমহাৰে সি মোক গীতা এখন উপহাৰ দিছিল ৷ ঘৰলৈ আহিলে মোক সি গীতা পঢ়ি শুনায় ৷ আজি পুৱাই মই গীতাত সেৱা কৰি প্ৰভুৰ ওচৰত ভোগ নৈৰ্বেদ্য আগবঢ়াইছিলো তেওঁলোকৰ মিছন সফলৰ বাবে ৷ঈশ্বৰে মোৰ কথা শুনিলে এয়া মোৰ চৰম প্ৰাপ্তি ৷”
উল্লেখ্য যে স্কুলীয়া দিনতে চয়ন দত্তৰ উদ্ভাৱনী শক্তি প্ৰকট হৈছিল ৷ দেউতাকৰ মতে মটৰৰ পাম্প যোগে পানী উত্তোলনৰ পাছত টেংকী ভৰ্তি হ’লে কোঠাতে বহি জানিব পৰাকৈ প্লাষ্টিকৰ এক চেঞ্চৰ সপ্তম শ্ৰেণীতেই উদ্ভাৱণ কৰিছিল চয়ন দত্তই ৷ লখিমপুৰৰ সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ চয়ন দত্তৰ আসাধাৰণ কৰ্মই লখিমপুৰ বাসীক গৌৰাৱান্বিত কৰিছে ৷ দেশৰ সম্পদলৈ পৰিণত হোৱা চয়ন দত্তৰ সাফল্যত উৎফুল্লিত লখিমপুৰবাসী। চন্দ্ৰযান ৩ ৰ চন্দ্ৰ বিজয়ত আহ্লাদিত লখিমপুৰবাসী ৷
Also Read: ইন্দ্ৰাণী তদবিলদাৰৰ মৃত্যুকাণ্ড: প্রবক্তা অসীম চক্রৱৰ্তীক চাকৰিৰ পৰা নিলম্বন