ডিজিটেল সংবাদ, নামৰূপঃ গ্ৰাহকক ডিজিটেল মাধ্যমেৰে বিভিন্ন সুবিধা দিয়া বুলি সততে বিজ্ঞাপন প্ৰকাশ কৰি থকা ভাৰতীয় ষ্টেট বেংকৰ শনিবাৰৰ পৰা তিনিদিন ধৰি ডিজিটেল লেনদেন ব্যবস্থা অচল হৈ আছে। যাৰ বাবে বেংকৰ গ্ৰাহক সকলৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে।
গ্ৰাহক বেংকলৈ গ'লেই বেংক কৰ্মচাৰীৰ নানা ককৰ্থনাৰ সন্মুখীন হয় ।নামৰূপৰ এছ বি আই মূল ব্ৰান্সটো পৰিচালককে ধৰি একাংশ বিষয়াই গ্ৰাহকক তিলমাত্ৰ সহযোগিতা নকৰাৰ ফলত বহু গ্ৰাহকে অসহায় হৈ নামৰূপত থকা আন দুটা ৰাষ্ট্রীয়কৃত বেংক ইউ কো (United Commercial Bank) আৰু পঞ্জাৱ নেচনেল বেংকলৈ ঢাপলি মেলিছে।
যোৱা শনি বাৰৰ পৰা এছ বি আইৰ চাৰ্ভাৰ বিকল হৈ থকাত গ্ৰাহক সকলে পূজাৰ বজাৰ সমাৰ কৰিব নোৱাৰি অস্বস্তিত ভুগিছে। গুগল পে, ফোন পে, ইউ পি আই, নেট বেংকিং , এছ বি আই yono সকলো মোবাইল ফোনটে উপলব্ধ হোৱাৰ পিছত বৰ্তমান গ্ৰাহক সকলৰ হাতত বৰ বেছি নগদ ধন নাথাকে।
তেনে ক্ষেত্ৰতে ডিজিটেল সুবিধাৰ আশা লৈ বজাৰ কৰিবলৈ যোৱা গ্ৰাহক সকল , ব্যৱসায় প্ৰতিষ্ঠানত কীওয়াৰ্ড চাৰ্চ ইঞ্জিনৰ দ্বাৰা লেনদেন কৰা ব্যৱসায়ী সকলৰ বিগত তিনিদিনত এক বুজাব নোৱাৰা অৱস্থা হৈছে। ব্যৱসায় বাণিজ্য অচল হৈ পৰিছে নামৰূপত ।
দুৰ্গা পূজাৰ প্ৰাকক্ষণত এছ বি আইৰ এনে কাণ্ডত ক্ষোভিত হৈ পৰিছে গ্ৰাহক। এই সন্দৰ্ভত এছ বি আই নামৰূপ শাখাৰ পৰিচালক গৰাকীৰ লগত যোগাযোগ কৰাত তেওঁ বেংকত কাম কাজ চলি আছে আৰু ডিজিটেল বেংকিঙৰ ক্ষেত্ৰত অজ্ঞতা প্ৰকাশ কৰি ওপৰ মহলত বাৰ্তা টো দিব লাগিব বুলি দায়িত্ব এৰিবলৈ চেষ্টা কৰা দেখা গ'ল। অৱশ্যে এছ বি আই নামৰূপ শাখাৰে আন এগৰাকী বিষয়াই চিষ্টেম আপডেট কৰাৰ বাবেহে এনে হৈছে বুলি জানিবলৈ দিয়ে।
Also Read: ইউ এছ টি এমত আৰম্ভ ৬১ তম সৰ্বভাৰতীয় সাধাৰণ সন্মিলন আৰু বিদ্যালয় মহোৎসৱ