অৱশিষ্ট পৰীক্ষাৰ বাবে ৰিক্স নলয় ছেবাই ! প্ৰতিটো পৰীক্ষা কেন্দ্ৰত বিশেষ বিষয়া নিয়োগ...

অৱশিষ্ট পৰীক্ষাৰ বাবে ৰিক্স নলয় ছেবাই ! প্ৰতিটো পৰীক্ষা কেন্দ্ৰত বিশেষ বিষয়া নিয়োগ...

author-image
Asomiya Pratidin
New Update
অৱশিষ্ট পৰীক্ষাৰ বাবে ৰিক্স নলয় ছেবাই ! প্ৰতিটো পৰীক্ষা কেন্দ্ৰত বিশেষ বিষয়া নিয়োগ...

অৱশিষ্ট পৰীক্ষাৰ বাবে ৰিক্স নলয় ছেবাই ! প্ৰতিটো পৰীক্ষা কেন্দ্ৰত বিশেষ বিষয়া নিয়োগ...

ডিজিটেল ডেস্কঃ পৰীক্ষাৰ পূৰ্বেই বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত সতৰ্ক হৈছে ছেবা। পৰৱৰ্তী পৰীক্ষাসমূহৰ বাবে ছেবাই জাৰি কৰিলে নতুন নিৰ্দেশনা।

ছেবাৰ সচিবগৰাকীয়ে SEBA/EX/HOLD/652022-23/53 নং পত্ৰৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰসমূহলৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত বিদ্যালয় পৰিদৰ্শকে নিয়োগ কৰিব বিশেষ বিষয়া।

এই বিষয়াগৰাকী আৰক্ষী থানাৰ পৰা প্ৰশ্ন কাকত সংগ্ৰহ কৰাৰ সময়ত উপস্থিত থাকিব লাগিব। অৱশ্যে তেওঁ পৰীক্ষাৰ লগত জড়িত নাথাকিব। এইগৰাকী বিশেষ বিষয়াই ছেবাই প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ টোপোলাৰ সংখ্যা নিশ্চিত কৰিব লাগিব।

আনহাতে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰতিটো কোঠাতে থাকিব দুজনকৈ পৰীক্ষা নিৰীক্ষক। প্ৰয়োজন সাপেক্ষে এই নিৰীক্ষকসকলে সহায় ল'ব পাৰিব আৰক্ষীৰ। ইয়াৰোপৰি প্রত্যেকটো পৰীক্ষা কেন্দ্রৰ তত্বাবধায়কে প্রৱেশৰ পূৰ্বে পৰীক্ষাৰ্থীৰ নিৰীক্ষণৰ তদাৰক কৰিব

Also Read: সেৱাৰ পৰিৱৰ্তে দুৰ্নীতিত লিপ্তঃ কাৰ্যালয়ত নাথাকে সভানেত্ৰী, সচিব, সদস্য...

ছেবা মেট্ৰিক পৰীক্ষা