ডিজিটেল সংবাদ, গুৱাহাটী : সৃজনীশীল কৰ্মেৰে অসমৰ সাহিত্যৰ ভড়াল চহকী কৰি অহা বিশিষ্ট সাহিত্যিক, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ নেতৃত্বতে আয়োজন হ'ব দ্বিতীয় বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ। শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজিত হ'বলগীয়া দ্বিতীয় প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ উদযাপন সমিতিৰ সভাপতিৰ গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে সাহিত্য অকাডেমীৰ বড়ো উপদেষ্টা পৰিষদৰ আহ্বায়ক তথা ভাষা, সংস্কৃতি আৰু সাহিত্য কৰ্মৰ বাবে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক সাহিত্যিক তৰেণ বড়োক ।
প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজক শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ সভাপতিৰ অনুমোদন সাপেক্ষে সচিব ড° সুদেষ্ণা ভট্টাচাৰ্যই এক বিবৃতিযোগে এই কথা জানিবলৈ দিছে । বিবৃতিটোত উল্লেখ কৰা মতে প্ৰথম বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ উদযাপন সমিতিৰ সভাপতি, স্বনামধন্য সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী নতুন সমিতিৰ উপদেষ্টা হিচাপে দায়িত্ব নিৰ্বাহ কৰিব ।
কাৰ্যকৰী সভাপতি হিচাপে বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্ত আৰু সাধাৰণ সম্পাদক হিচাপে যুৱ সাহিত্য কৰ্মী বিক্ৰম কলিতাই দায়িত্ব পালন কৰিব বুলি প্ৰেছ বিবৃতিটোত উল্লেখ কৰা হৈছে। পূৰ্বৰ সমিতিৰ আটাইকেইজন বিষয়-ববীয়াৰ উপৰি ড° ভাস্কৰজ্যোতি শৰ্মা আৰু ধীৰাজ গোস্বামীক উপ সভাপতি আৰু গোবিন্দ প্ৰসাদ দাস আৰু আলোক বৰুৱাক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নতুনকৈ এই বৰ্ষৰ উদ্যাপন সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে ।
উল্লেখনীয় যে, প্ৰাৰম্ভিক বৰ্ষৰ আশানুৰূপ সফলতাৰ পিছত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেছনে দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰিবলৈ লৈছে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ । অহা ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত অনুষ্ঠিত হ’ব দ্বিতীয় প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ।