ডিব্ৰুগড়ত স্থাপন দ্বিতীয়টো সচিবালয়ঃ সামৰি ল'ব উজনিৰ ৯ খন জিলাক...

এতিয়াৰে পৰা ২৬ জানুৱাৰীত ৰাজ্য চৰকাৰৰ পতাকা উত্তোলন কাৰ্যসূচী হ'ব ডিব্ৰুগড়ত
ডিব্ৰুগড়ত স্থাপন দ্বিতীয়টো সচিবালয়ঃ সামৰি ল'ব উজনিৰ ৯ খন জিলাক...
ডিব্ৰুগড়ত স্থাপন দ্বিতীয়টো সচিবালয়ঃ সামৰি ল'ব উজনিৰ ৯ খন জিলাক...
Published on
Updated on

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিলে ৰাজ্যৰ দ্বিতীয়টো সচিবালয়। ইয়াৰ লগে লগে দিছপুৰৰ উপৰিও এতিয়া ডিব্ৰুগড়তো হ’ল মুখ্যমন্ত্ৰীৰ সচিবালয়। ৰাজ্য চৰকাৰৰ এই উদ্যোগে এতিয়া উজনি অসমৰ ৰাইজক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অধিক কাষ চপাই নিব বুলি আশা কৰা হৈছে।

আজি এই সচিবালয়ৰ উদ্বোধনৰ সময়তে এক্সৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই সচিবালয় কেৱল এটা ভৱন নহয়, এয়া প্ৰশাসনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰতিফলন। কেইবা দশক ধৰি এক ধাৰণা প্ৰচলিত হৈ আহিছিল যে, ৰাজধানীৰ পৰা আঁতৰত বাস কৰা লোকসকলে উন্নয়নৰ সুযোগৰ পৰা বঞ্চিত হৈ আহিছে। যোৱা ৩ বছৰৰ পৰা আমি জিলাসমূহক শাসনৰ আধাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। আমি জিলা আৰু সম-জিলা প্ৰশাসনক অধিক সিদ্ধান্ত ল'বলৈ ক্ষমতা প্ৰদান কৰিছো। আজি এই সচিবালয় মুকলি হোৱাৰ লগে লগে, ডিব্ৰুগড়ৰ চাৰিওফালে থকা ৯ খন জিলাৰ শীৰ্ষ পৰ্যায়ৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও তেওঁলোকৰ কাষত থাকিব। ব্যক্তিগতভাৱে, মই এই কাৰ্যালয়ত মাহত ৪ দিন কটাম। আগন্তুক দিনবোৰত আপোনালোকে এই প্ৰচেষ্টাৰ বাবেই দ্ৰুত সিদ্ধান্ত লোৱা আৰু প্ৰকল্পবোৰ ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰা দেখা পাব।

এই দ্বিতীয়টো সচিবালয় উদ্বোধন কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পৰাই কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিলে। সেই অনুসৰি এতিয়াৰে পৰা ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলন হ’ব ডিব্ৰুগড়ত।

তাৰোপৰি শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ ঐতিহ্যপূৰ্ণ স্থানসমূহৰ কাষত মাটি ক্ৰয় বা বিক্ৰী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন নীতিৰ আধাৰতে কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে। তেওঁ অহা ১৪ ছেপ্টেম্বৰৰ দিনটো কৰম পূজা উপলক্ষে চৰকাৰী বন্ধও ঘোষণা কৰে এই কাৰ্যালয়ৰ পৰাই।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত এই সচিবালয় উদ্বোধন কৰাৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পীযুষ হাজৰীকা, বিমল বড়া, বিধায়ক প্ৰশান্ত ফুকনকে ধৰি ৰাজ্যৰ প্ৰশাসনৰ কেইবাজনো শীৰ্ষ বিষয়া।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই অৱগত কৰিছে ডিব্ৰুগড়ৰ এই কাৰ্যালয়ত তেওঁ মাহত অতি কমেও চাৰি দিন কাম কৰিব। এই সচিবালয় স্থাপনৰ মূল্য উদ্দেশ্য ক্ষমতাৰ বিকেন্দ্ৰীকৰণ।

এই কাৰ্যালয় স্থাপনে এতিয়াৰে পৰা উজনি অসমৰ লোকসকলে দিছপুৰ ভ্ৰমণ নকৰাকৈ সচিবালয়ৰে সম্পৰ্কিত কামবোৰ ইয়াতেই কৰিব পাৰিব আৰু তেওঁলোকৰ সমস্যাৰ সমাধান কৰিব পাৰিব বুলি জনাইছে। ডিব্ৰুগড়ত স্থাপন কৰা এই কাৰ্যালয়ে সামৰি ল'ব উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, যোৰহাট, মাজুলী, গোলাঘাট, লখিমপুৰ, ধেমাজিক।

ডিব্ৰুগড়ত স্থাপন দ্বিতীয়টো সচিবালয়ঃ সামৰি ল'ব উজনিৰ ৯ খন জিলাক...
বিশ্বাসঘাটক ! জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ যুৱতীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in