ন-পুৰণি বিজেপি নেতাৰ যুঁজঃ জ্যেষ্ঠ পুৰণি নেতাৰ সৈতে দিল্লীৰ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক

ন-পুৰণি বিজেপি নেতাৰ যুঁজঃ জ্যেষ্ঠ পুৰণি নেতাৰ সৈতে দিল্লীৰ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক
Published on
Updated on

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত অন্তৰ্কন্দলে দেখা দিছে। বিশেষকৈ ন-পুৰণি বিজেপি নেতাৰ যুঁজখন তীব্ৰতৰ হৈ উঠিছে। যাক লৈ ৰাজ্যিক বিজেপিক জোকাৰণিৰ সৃষ্টি হৈছে।

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিজেপিৰ অভ্যন্তৰতে সৃষ্টি হোৱা প্ৰবল ক্ষোভ-অসন্তুষ্টিৰ উপৰি নতুন আৰু পুৰণিৰ মত পার্থক্যক লৈ এতিয়া ভিন্ন সমীকৰণে গা কৰি উঠিছে শাসক দলটোত। শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক কার্যালয় বাজপেয়ী ভৱনৰ পৰাই একাংশ নেতা-পালিনেতাই চৰকাৰী চাকৰিৰ নিযুক্তিক লৈ সৃষ্টি কৰা বিয়াগোম কেলেংকাৰীয়ে নতুন মাত্রা দিছে বিজেপিৰ আভ্যন্তৰীণ সমীকৰণত।

ইয়াৰ মাজতে ৰাজ্যিক বিজেপিৰ দুই প্রাক্তন সভাপতি সিদ্ধার্থ ভট্টাচার্য-ৰাজেন গোহাঁইৰ উপৰি প্ৰাক্তন ৰাজ্যিক উপ-সভাপতি মনোজৰাম ফুকন, নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আদিয়ে বিজেপি চৰকাৰ আৰু ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰিছে।

যাৰ বাবে চিন্তিত হৈ পৰিছে দিল্লীৰ নেতৃত্ব। ইয়াৰ মাজতে আহি গুৱাহাটীত সংগোপনে বাহৰ পাতিছে বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ নিৰ্বাচনৰ দলীয় পর্যবেক্ষক বৈজয়ন্ত পাণ্ডা। বৈজয়ন্ত পাণ্ডা হাজিৰ হৈছে কইনাধৰা পাহাৰত থকা ৰাজ্যিক লৈ অতিথিশালাত। তাতেই বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতিজনে ইজনৰ পিচত আনজন বিজেপিৰ জ্যেষ্ঠ নেতা, বিধায়কক নিমন্ত্ৰণ কৰি নি মিলিত হৈছে ৰুদ্ধদ্বাৰ বৈঠকত।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশতে বিজেপিৰ শীৰ্ষ নেতা গৰাকী গুৱাহাটীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। মঙলবাৰে বিজেপিৰ এইগৰাকী শীৰ্ষনেতাই ৰাজেন গোহাঁই আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত গোপন বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাৰ সৈতে প্ৰায় ১ ঘন্টা সময় আলোচনাত মিলিত হয় তেওঁ।

অৱশ্যে এই আলোচনাত কি আলোচনা হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। উল্লেখ্য যে, এই বৈঠকত ৰাজ্যিক বিজেপিৰ কোনো নেতৃত্ব উপস্থিত নাছিল। এক প্ৰকাৰ অতি গোপন আছিল এই বৈঠক।

উল্লেখ্য যে, বিজেপিৰ একাংশ শীৰ্ষ নেতাক দলীয় কাম-কাজৰ পৰা আঁতৰাই ৰখা হৈছে। যাৰ বাবে দলটোত ভিতৰি ভিতৰি ক্ষোভৰ জুই জ্বলিয়েই আছে। কিন্তু কিছুদিন পূৰ্বে বহিপ্ৰকাশ ঘটিছিল এই ক্ষোভৰ। বিজেপিৰ এই অন্তৰ্কন্দল নিৰ্মূল কৰাৰ বাবে এতিয়া নামি পৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্ব।

ন-পুৰণি বিজেপি নেতাৰ যুঁজঃ জ্যেষ্ঠ পুৰণি নেতাৰ সৈতে দিল্লীৰ নেতৃত্বৰ ৰুদ্ধদ্বাৰ বৈঠক
১৩ দিনে গ্ৰেপ্তাৰ নহ'ল চিলাপথাৰৰ বোৱাৰী নিৰ্যাতনকাৰী গাঁওবুঢ়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in