বিভাজন হ’ব অসম ! অবিভক্ত গোৱালপাৰা আৰু বংগৰ ৭ জিলা সামৰি গঠন হ’ব কোচবিহাৰ কেন্দ্ৰীয় শাসিত অঞ্চল !

বিভাজন হ’ব অসম ! অবিভক্ত গোৱালপাৰা আৰু বংগৰ ৭ জিলা সামৰি গঠন হ’ব কোচবিহাৰ কেন্দ্ৰীয় শাসিত অঞ্চল !
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ বিভক্ত হ'ব নেকি অসম? পৃথক বড়ো ৰাজ্য অথবা পৃথক বৰাক নহয়, এইবাৰ অসমৰ এটা বৃহৎ অংশক আঁতৰাই নি কোচ বিহাৰৰ সৈতে সংলগ্ন কৰি নতুনকৈ এক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে গঠন কৰাৰ দিশে অগ্ৰসৰ হ'ব খুজিছে কেন্দ্ৰীয় চৰকাৰ। নিষিদ্ধ ঘোষিত কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ শীৰ্ষ নেতৃত্বৰে মধ্যস্থতাকাৰীৰ মাধ্যমত চলি থকা আলোচনাৰ সময়তে এই ইংগিত দিছে কেন্দ্ৰীয় চৰকাৰে। যি ইংগিতৰ কথা কোচ ৰজা অনন্তৰায় মহাৰাজৰ মন্তব্যৰ জৰিয়তে স্পষ্ট হৈছে।

উল্লেখ্য যে, ঐতিহাসিক কোচ ৰাজ্যক সামৰি পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বাবে দীৰ্ঘদিন ধৰি অব্যাহত আছে গণতান্ত্ৰিক আন্দোলনৰ সমান্তৰালভাৱে কে এল অ' আদি সংগঠনৰ সশস্ত্ৰ সংগ্ৰাম। শেহতীয়া ভাৱে অৱশ্যে কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেশ্যন চমুকৈ কে এল অ'য়ে যুদ্ধ বিৰতি ঘোষণা কৰাৰ বিপৰীতে ইয়াৰ বৃহত একাংশ সদস্যই আত্মসমৰ্পণো কৰিছিল।

কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাকে ধৰি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেইবাটাও গোটৰ লগতে এই জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ সন্মিলিত মঞ্চই সুকীয়া ৰাজ্যৰ দাবীক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী সময়ে সময়ে ৰূপায়ণ কৰি আহিছে। অতি স্বাভাৱিক ভাৱেই এই গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্বৰ সন্মুখৰ শাৰিত থকা এগৰাকী অপ্ৰতিদ্বন্দি নেতা হ'ল প্ৰাচীন কোচ ৰাজ্যৰ শেহতীয়া উত্তৰাধিকাৰী অনন্তৰায় মহাৰাজ।

আনহাতে অনন্তৰায় মহাৰাজৰ সৈতে দেশৰ খোদ গৃহমন্ত্ৰী অমিত শ্বাহৰ আছে বন্ধুত্বপূৰ্ণ সম্পৰ্ক। এনে প্ৰেক্ষাপটতে অনন্তৰায় মহাৰাজে কোচ বিহাৰ আৰু অসমৰ কোচ ৰাজবংশী অধ্যুসিত এটা বৃহত অঞ্চল সামৰি শীঘ্ৰেই কেন্দ্ৰীয় শাসিত এক ৰাজ্য গঠন কৰা হ'ব বুলি দুদিন পূৰ্বে মন্তব্য কৰিছিল।

ইয়াৰ পিছতে পশ্চিমবংগ আৰু অসমত আৰম্ভ হয় মিশ্ৰিত প্ৰতিক্ৰিয়া। কিয়নো কোচ বিহাৰ হ'ল পশ্চিমবংগ ৰাজ্যৰ অন্তৰ্ভুক্ত আৰু প্ৰাচীন কোচ ৰাজ্যৰ অংগ। আনহাতে অসমৰ অবিভক্ত গোৱালপাৰাৰ যিটো অংশ প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যত সাঙুৰি লোৱাৰ দাবী উত্থাপন কৰি অহা হৈছে সেই এলেকা বৰ্তমান অসমৰ ৬ খন জিলা জুৰি আছে।

তদুপৰি পশ্চিমবংগৰ আন৬ খনকৈ জিলা প্ৰস্তাৱিত কমতাপুৰ ৰাজ্যত কোচবিহাৰৰ উপৰিও সাঙুৰি ল'ব লাগে বুলি পূৰ্বৰ পৰাই দাবী উত্থাপিত হৈ আহিছে। উত্তৰ বংগৰ এই জিলা কেইখন হ'ল- মালদাহ, উত্তৰ দিনাশপুৰ, দক্ষিণ দিনাশপুৰ, দার্জিলিং, জলপাইগুৰি আৰু আলিপুৰ। সেয়ে অতি স্বাভাৱিক ভাৱে উত্তৰ বংগৰ ৭ খনকৈ জিলাক পশ্চিমবংগৰ মানচিত্ৰৰ পৰা আঁতৰাই সুকীয়া কেন্দ্ৰীয় শাসিত ৰাজ্যত অন্তৰ্ভুক্ত কৰাৰ প্ৰসংগই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰৰ লগতে শাসক দলৰ মজিয়াতো জোকাৰণি তুলিছে।

আনহাতে এই পৃথক কমতাপুৰে সামৰি লোৱা অসমৰ ৬ খন জিলাৰ জন বিন্যাস পূৰ্বতকৈ সলনি হোৱাৰ লগতে ইয়াৰ অন্তৰ্ভুক্ত কোকৰাঝাৰ আৰু চিৰাং বৰ্তমান বি টি চিৰ অন্তৰ্ভুক্ত হোৱাৰ উপৰিও গোৱালপাৰা, দক্ষিণ শালমাৰা, ধুবুৰী জিলাৰ বৰ্তমানৰ জনগাঁথনিও কোচ ৰাজ্যত অন্তৰ্ভুক্ত কৰিব পৰাকৈ সৱল নহয়।

এনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰে এফালে পশ্চিমবংগ আন ফালে বি টি চিক খণ্ডিত কৰাৰ ৰাজনৈতিক অংকৰে এনে পৰিকল্পনাৰ প্ৰতি কোমল মনোভাৱ পোষণ কৰা বুলি দুয়োখন ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে একাংশই আকৌ বাংলাদেশৰ সীমান্তৱৰ্তী অতিকৈ স্পৰ্শকাতৰ এই অঞ্চলটোৰে জেহাদীৰ আহ-যাহ, চোৰাং সামগ্ৰীৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে এই এলেকাতো সামৰি ল'লে শুভ ফলদায়ক হ'ব বুলিও মন্তব্য কৰিছে।

পিছে মমতাৰ শিবিৰে এইয়া পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ প্ৰভাৱ দূৰ্বল কৰি ক্ষমতা দখলৰ জঘণ্য কৌশল বুলি অভিযোগ কৰাৰ বিপৰীতে বি পি এফ, এবছু, ৰাভা জাতীয় সংগঠন, সংখ্যালঘু সংগঠনসমূহে এই পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰিছে।

মন কৰিবলগীয়া যে ঐতিহাসিক কোচ ৰাজ্য অসমৰে অংগ আছিল। ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠনে একালৰ কোচ ৰাজ্যক বিভক্ত কৰি এটা অংশ অসমত আৰু আনটো অংশ পশ্চিমবংগৰ অন্তৰ্ভুক্ত কৰে। যাৰ ফলত স্বয়ং গুৱাহাটী পৰ্যন্ত বিস্তাৰিত হৈ থকা কোচ ৰজাৰ ৰাজধানী তথা মহাৰাজ নৰনাৰায়ণৰ ঐতিহাসিক সুবিশাল ৰাজদৰবাৰৰ লগতে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শেষ সময়ৰ আশ্ৰয়স্থল মধুপুৰ সত্ৰও পশ্চিমবংগৰ অংগ হৈ পৰে।

এই দুই বহুমূলীয়া সম্পদ অসমৰ অংগ হোৱাটো ঐতিহাসিক ভাৱেই সত্য। এতিয়া পৃথক কমতাপুৰ ৰাজ্য গঠন আন্দোলনক মান্যতা প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে বৃহত্তৰ অঞ্চলটোক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে গঠন কৰিবলৈ গ'লে অসমৰ স্বাভিমানক পুনৰ খণ্ডিত কৰাৰ দৰে ই ঘটনা হ'ব বুলিও বহুতে মন্তব্য কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in