১৩ দিনে গ্ৰেপ্তাৰ নহ'ল চিলাপথাৰৰ বোৱাৰী নিৰ্যাতনকাৰী গাঁওবুঢ়া

১৩ দিনে গ্ৰেপ্তাৰ নহ'ল চিলাপথাৰৰ বোৱাৰী নিৰ্যাতনকাৰী গাঁওবুঢ়া
Published on
Updated on

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপাথাৰ‌ অকাজন ডাবলাং লাটৰ গাওঁবুঢ়াৰ বিৰুদ্ধে এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছিল।‌ ঘটনাৰ সংক্ৰান্তত যোৱা ১৮ আগষ্টতে চিলাপথাৰ থানাত দাখিল হৈছিল এজাহাৰ।

পিছে যোৱা ১৩ টা দিনৰ পিছতো গ্ৰেপ্তাৰ নহ'ল অভিযুক্ত। অভিযুক্তৰ বিৰূদ্ধে ব্যৱস্থা ল'বলৈ খোদ স্থানীয় বিধায়ক ভূৱন পেগুৱে প্ৰশাসনলৈ চিফাৰিছ পত্ৰ প্ৰেৰণ কৰিছিল। তৎসত্বেও আজি পৰ্যন্ত আটক নকৰিলে আৰক্ষীৰ। আৰক্ষীৰ নাকৰ আগতে ব্ৰহ্মাণ্ডখন ঘূৰি ফুৰা অভিযুক্তক দেখা নাপায় চিলাপথাৰ আৰক্ষীয়ে।

ইপিনে এগৰাকী অৱলা নাৰীৰ ওপৰত নিৰ্যাতন চলাই উন্মুক্তভাৱে বিচৰণ কৰি ফুৰা গাওঁবুঢ়াৰ প্ৰসংগটো খবৰ কৰিবলৈ মঙলবাৰে স্থানীয় থানালৈ যায় এক মহিলাৰ দল। মহিলা দলটোৰ প্ৰশ্নৰ কোনো সুদোত্তৰ নিদি থানাৰ প্ৰভাৰীয়ে ওলোটা মহিলা সকলোকে অভিযুক্ত ক'ত আছে দেখুৱাই দিবলৈ কয় বুলি অভিযোগ উঠিছে। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মহিলা সকলে। থানা চৌহদৰ ভিতৰতে শ্লোগান দি আৰক্ষীৰ বিৰূদ্ধে প্ৰচণ্ড ক্ষোভ উজাৰিলে মহিলাৰ দলে।

অভিযুক্তক শীঘ্ৰে কৰায়ত্ব নকৰিলে তীব্ৰ আন্দোলন চলোৱা হ'ব বুলি সকীয়াই দিছে মহিলা সকলে।

১৩ দিনে গ্ৰেপ্তাৰ নহ'ল চিলাপথাৰৰ বোৱাৰী নিৰ্যাতনকাৰী গাঁওবুঢ়া
গহপুৰত ভদীয়া বান, নাৱেৰে নি মৃতদেহ সৎকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in