নলবাৰীত 'শৰতৰ এসন্ধ্যা' শীৰ্ষক কাৰ্যসূচী

নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বৃক্ষৰোপন আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মাৰ উদ্যোগত বুধবাৰে নিশা আয়োজন হয় এক বিশেষ অনুষ্ঠানৰ।
নলবাৰীত 'শৰতৰ এসন্ধ্যা' শীৰ্ষক কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ, নলবাৰী: নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম বৃক্ষৰোপন আৰু শস্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মাৰ উদ্যোগত বুধবাৰে নিশা আয়োজন হয় এক বিশেষ অনুষ্ঠানৰ। বিশিষ্ট কবি,ঔপন্যাসিক প্ৰণৱ কুমাৰ বৰ্মনৰ সন্মানাৰ্থে আয়োজন কৰা 'শৰতৰ এসন্ধ্যা' শীৰ্ষক অনুষ্ঠান গীতে কথাই জীপাল হৈ পৰে।

চিকিৎসক ডাঃ ভূপেশ শৰ্মাৰ সঞ্চালনাত আৰু বিশিষ্ট কবি পংকজ গোবিন্দ মেধিয়ে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। ভাষণ প্ৰসংগত তেওঁ কয় যে,নলবাৰী সাহিত্য,সংস্কৃতিৰ দিশত অনন্য।এই কথা তোষামোদৰ বাবে কোৱা নাই। গুণীয়েহে গুণীৰ মোল বুজে। সেইবাবেই অশোক শৰ্মা প্ৰাক্তন বিধায়ক হৈয়ো প্ৰণৱ কুমাৰ বৰ্মনৰ দৰে জনপ্ৰিয় কবি গৰাকীক এনেদৰে সন্মান দিছে।লগতে কয় যে অশোক শৰ্মা ৰাজনৈতিক নেতাই নহয় এগৰাকী সাংস্কৃতিক মনৰ মানুহ।এনে ব্যক্তি বা প্ৰাক্তন বিধায়ক সন্মানৰ যোগ্য।

অনুষ্ঠানত কবি ডাঃ ৰাতুল ভট্টাচাৰ্য,নিবেদিতা হাজৰিকা,আব্দুল মজিদ,অজিত ৰাজবংশী,প্ৰতুল কলিতা,কবিতা ডেকা,নকুল তালুকদাৰ,বিপুল কুমাৰ দত্ত,প্ৰণৱ কুমাৰ ডেকা আদিয়ে কবিতা পাঠ কৰি সকলোকে মুগ্ধ কৰে।অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড° কবিতা চৌধুৰী,ড° কৃষ্ণ চন্দ্ৰ গৌড়,ফণীধৰ ডেকা, নলবাৰী হৰিমন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকা,বিশিষ্ট চিত্ৰশিল্পী অবিনাশ মজুমদাৰ,কবি প্ৰমোদ তালুকদাৰ আদিয়ে নিজৰ অভিমত প্ৰকাশ কৰে।

অনুষ্ঠানত বিশিষ্ট লোকশিল্পী সত্যেন দত্ত,কুশল বৰ্মনক বিশেষ সম্বৰ্ধনাৰ লগতে নগদ ধন প্ৰদান কৰা হয়। সম্বৰ্ধনা পত্ৰ পাঠ কৰে ধ্ৰুৱজ্যোতি দত্ত আৰু প্ৰিয়ংকু নাৰায়ন বৰুৱাই।

আৰু পঢ়ক: মিজোৰাম সীমান্তত বোমা বৰ্ষণ, নিহত কেইবাজনো...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in