গহপুৰৰ ঘাঁহিগাঁৱৰ শৰ্মিষ্ঠা মহন্তৰ কৃতিত্বঃ MBBS চূড়ান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত পঞ্চম

আজি ঘোষিত MBBS পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত পঞ্চম স্থান দখল কৰি কৃতিত্ব অৰ্জন কৰিছে গহপুৰ সমজিলাৰ অন্তৰ্গত ঘাঁহিগাঁৱৰ মেধাৱী ছাত্ৰী শৰ্মিষ্ঠা মহন্তই

author-image
Tushar Pratim
New Update
গহপুৰৰ ঘাঁহিগাঁৱৰ শৰ্মিষ্ঠা মহন্তৰ কৃতিত্বঃ MBBS চূড়ান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত পঞ্চম

ডিজিটেল সংবাদ, ছয়দুৱাৰ: আজি ঘোষিত এম বি বি এছ পাঠ্যক্ৰমৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত অসমৰ ভিতৰত পঞ্চম স্থান দখল কৰি কৃতিত্ব অৰ্জন কৰিছে গহপুৰ সমজিলাৰ অন্তৰ্গত ঘাঁহিগাঁৱৰ মেধাৱী ছাত্ৰী শৰ্মিষ্ঠা মহন্তই। ঘোষিত ফলাফলত তেওঁ তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা শীৰ্ষ স্থান দখল কৰিছে।

কম বয়সতে পিতৃ-মাতৃ দুয়োকে হেৰুৱাই নিথৰুৱা হৈ পৰা শৰ্মিষ্ঠা মহন্তই তেওঁৰ একমাত্ৰ ভাতৃ চিন্ময় মহন্তৰ সাহস আৰু অনুপ্ৰেৰণাত শৈক্ষিক ক্ষেত্ৰখনত আগুৱাই গৈ চমকপ্ৰদ সফলতা লাভ কৰিছে। ২০১৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰা অসমৰ ভিতৰত শীৰ্ষ একাদশ স্থান লাভ কৰা শৰ্মিষ্ঠা মহন্ত প্ৰয়াত অশোক কুমাৰ মহন্ত আৰু প্ৰয়াত মান্না মহন্তৰ জীয়ৰী।

তেওঁৰ এই সাফল্যৰ বাবে অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজ আৰু বৌদ্ধিক মহলে তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

গহপুৰ