সাহিত্যজগতৰ বাবে দুঃখবৰ : ‘বিস্ময়’ৰ প্ৰকাশক তথা সম্পাদক শশী ফুকন আৰু নাই

পুত্ৰক কৈছিল যে ৫০ বছৰ অতিক্ৰম কৰা বিস্ময়ক পুনৰ পাঠকৰ মাজলৈ ন সাঁজেৰে উলিয়াই নিয়াৰ কথা। কিন্তু এই আশা আশা হৈয়ে ৰ’ল শশী ফুকনৰ। বিস্ময়ক পুনৰ পাঠকৰ মাজলৈ নিয়াৰ প্ৰস্তুতি চলোৱাৰ সময়তে বিদায় মাগিলে বিস্ময়ৰ খনিকৰ শশী ফুকনে।
সাহিত্যজগতৰ বাবে দুঃখবৰ : ‘বিস্ময়’ৰ প্ৰকাশক তথা সম্পাদক শশী ফুকন আৰু নাই
Published on
Updated on

ডিজিটেল ডেস্ক : অসমীয়া সাহিত্যৰ পথাৰ উকা কৰি তেঁও গ’লগৈ। উভতি নহাৰ বাটে মেলানি মাগিলে তেঁও। অনাকাঙ্খিতভাৱে ভাহি আহিল সেই দুঃখবৰ- শশী ফুকন আৰু নাই।

বিস্ময় আলোচনীৰ প্ৰকাশক তথা প্ৰতিষ্ঠাকালৰে পৰা সম্পাদকৰ দায়িত্ব পালন কৰি অহা শশী ফুকনে শুকুৰবাৰে নিশা ১০-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত সাহিত্যিকগৰাকীৰ বয়স হৈছিল ৭৮ বছৰ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে নিশা ইহ সংসাৰৰ পৰা বিদায় মাগে সাহিত্যিকগৰাকীয়ে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে হাস্পতালৰ বিচনাত জীৱন- মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে তেঁও।

জানিব পৰা মতে আজি সন্ধিয়াৰ ভাগত দুবাৰ ষ্ট্ৰ’ক হৈছিল তেঁওৰ। তেতিয়াৰ পৰাই অধিক স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। বিশেযজ্ঞ চিকিৎসকে চিকিৎসা কৰিও অৱশেষত হাৰ মানিবলৈ বাধ্য হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে প্ৰায় ডেৰ মাহতকৈও অধিককাল হাস্পতালত চিকিৎসাধীন হৈ থকা ফুকনক অসম চৰকাৰেও সাহাৰ্য আগবঢ়াইছিল।

শশী ফুকন আৰু বিস্ময় আলোচনী আছিল একেটা মুদ্ৰাৰে ইপিঠি- সিপিঠি। এক কথাত বিস্ময় আলোচনী তেঁওৰ মানসপুত্ৰসদৃশ।

বিস্ময় আছিল বহু পঢ়ুৱৈৰ বাবে আবেগ। মেট্ৰিকৰ দেওনা পাৰি কৰিয়েই সেই সময়ৰ বহু ডেকা- গাভৰুৱে হাতত তুলি লৈছিল ক্ষুদ্ৰ আলোচনী বিস্ময়। অকল সেয়াই নহয়, বিভিন্ন শ্ৰেণীৰ পাঠকে হাতত তুলি লৈছিল বিস্ময়।

বিস্ময় সচঁকৈয়ে বিস্ময়কৰ হিচাপে প্ৰকাশ কৰিছিল শশী ফুকনে। পাঠকৰ ৰুচি- অভিৰুচি সম্পৰ্কে সদাজাগ্ৰত আছিল শশী ফুকন। পাঠকে কেতিয়া, কি বিচাৰে সেয়া যেন তেঁওৰ নখ দৰ্পণত।

সেয়ে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা সাহিত্যিক তীৰ্থনাথ শৰ্মাই বিস্ময় সন্দৰ্ভত কৈছিল- “ৰে’লে-বাছে পঢ়িব পৰা, জেপতে লৈ ফুৰিব পৰা এখন অসমীয়া আলোচনীৰ অভাৱ আছিল। বিস্ময়ে সেই অভাৱ পূৰ কৰিলে।“ কাৰ্যতঃ বিস্ময় সেই আকাৰতে প্ৰকাশ কৰিছিল প্ৰকাশক তথা সম্পাদক শশী ফুকনে। যাৰ বাবে সকলো শ্ৰেণীৰ পাঠকে অনাসয়ে বিস্ময়ক আঁকোৱালি লৈছিল।

কিন্তু এই বিস্ময় আলোচনীও কালৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হৈছিল। তথাপি হাৰ মনা নাছিল শশী ফুকন। পুত্ৰক কৈছিল যে ৫০ বছৰ অতিক্ৰম কৰা বিস্ময়ক পুনৰ পাঠকৰ মাজলৈ ন সাঁজেৰে উলিয়াই নিয়াৰ কথা। কিন্তু এই আশা আশা হৈয়ে ৰ’ল শশী ফুকনৰ। বিস্ময়ক পুনৰ পাঠকৰ মাজলৈ নিয়াৰ প্ৰস্তুতি চলোৱাৰ সময়তে বিদায় মাগিলে বিস্ময়ৰ খনিকৰ শশী ফুকনে।

সাহিত্যজগতৰ বাবে দুঃখবৰ : ‘বিস্ময়’ৰ প্ৰকাশক তথা সম্পাদক শশী ফুকন আৰু নাই
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দল ঘোষণা : আঘাতৰ বাবে বাদ পৰিল ৰিয়ান পৰাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in