চচল শতদল শাখা সাহিত্য সভাৰ শিল্পী দিৱস উদযাপন

চচল শতদল শাখা সাহিত্য সভাৰ শিল্পী দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ,বেবেজীয়াঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৪ তম স্মৃতি দিৱস দিনযোৰা কাৰ্যসূচীৰে চচল শতদল শাখা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত শিল্পী দিৱস উদযাপন কৰা হয় ৷

অনুষ্ঠানৰ অংশ হিচাপে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ উপ-সভাপতি ড° মিনেশ্বৰ হাজৰিকাই ৷ ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পন কৰে শাখাৰ প্ৰাক্তন সভাপতি ফণিধৰ ডেকাই ৷

পুৱা ১০ বজাত শাখাৰ সভাপতি সাহিত্যিক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত শিল্পী দিৱসৰ মুকলি সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, প্ৰৱন্ধকাৰ, বিশিষ্ট সাহিত্যিক তথা 'অনুৰাধা দেশ' ৰ শ্ৰষ্ঠা ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ৷

সভাত বিশিষ্ট সঙ্গীত শিল্পী , সুৰকাৰ, গীতিকাৰ, বাঁহীবাদক, কবি , চিত্ৰ-ভাস্কৰ্য শিল্পী তথা সদ্যঘোষিত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ শিল্পী পেঞ্চনাৰ অশ্বিনী শৰ্মাক জীৱনযোৰা সাধনাৰ বাবে ফুলাম গামোচা, জাপি, চেলেং, শ্বল, শৰাই, সম্বৰ্ধনা পত্ৰ আৰু শিল্পী স্মাৰকেৰে 'শিল্পী' সম্বৰ্ধনা জনোৱা হয় ৷

সভাত বিভিন্নজনৰ জ্যোতি সঙ্গীত, কবিতা আবৃতি, গীত-মাতেৰে সভাগৃহ মুখৰিত হয় ৷ শেষত মুকলি সভা অসম সংগীতেৰে সফল সামৰণি পৰে ৷

চচল শতদল শাখা সাহিত্য সভাৰ শিল্পী দিৱস উদযাপন
তীব্র বেগী মটৰ চাইকেলে মহটিয়াই নিলে পথচাৰীক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in