দুই পত্নী থকাৰ পাছতো যুৱতীৰে প্ৰেমঃ বহিঃৰাজ্যলৈ নাৰী সৰবৰাহৰ অভিযোগ...

দুই পত্নী থকাৰ পাছতো যুৱতীৰে প্ৰেমঃ বহিঃৰাজ্যলৈ নাৰী সৰবৰাহৰ অভিযোগ...
দুই পত্নী থকাৰ পাছতো যুৱতীৰে প্ৰেমঃ বহিঃৰাজ্যলৈ নাৰী সৰবৰাহৰ অভিযোগ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ নাৰী সৰবৰাহৰ অপচেষ্টাৰ এক ঘটনা সংঘটিত হৈছে। এইবাৰ শিৱসাগৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে এগৰাকী যুৱতীক প্ৰেমৰ চালনাৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰিছিল এজন যুৱকে। শিৱসাগৰৰ বকতাত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰেমৰ চালনাৰে যুৱতীক বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰা যুৱকজনৰ নাম বিদ্যুৎ নাথ। আৰক্ষীয়ে বিদ্যুৎ নাথ নামৰ এই যুৱকজনক আটক কৰি গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে দুগৰাকীকৈ পত্নী থকাৰ পাছতো এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিছিল বিদ্যুতে।

অভিযোগ অনুসৰি প্ৰেমৰ চলনাৰে বিদ্যুতে যুৱতীগৰাকীক বহিঃৰাজ্যলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল। এই সম্পৰ্কে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল। লামডিং ৰে'ল আৰক্ষীৰ সহযোগত আৰক্ষীয়ে দুয়োকে আটক কৰে।

দুই পত্নী থকাৰ পাছতো যুৱতীৰে প্ৰেমঃ বহিঃৰাজ্যলৈ নাৰী সৰবৰাহৰ অভিযোগ...
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পবিত্ৰ ঈদ-উজ-জোহাৰ ৰাজহুৱা নামাজঃ ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in