শিৱপুৰী প্ৰাথমিক বিদ্যালয়ৰ মুখ্য তোৰণ উদ্বোধন

শিৱপুৰী প্ৰাথমিক বিদ্যালয়ৰ মুখ্য তোৰণ উদ্বোধন
Published on
Updated on

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ইটাখোলাৰ ১ নং টেঙাবস্তি অঞ্চলত ১৯৮১ চনতে স্থাপিত শিৱপুৰী প্ৰাথমিক বিদ্যালয়ৰ মুখ্য তোৰনখনি বুধবাৰে শুভ উদ্বোধন কৰা হয়। তোৰণখনি উদ্বোধন কৰে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি,লেখক সাহিত্যিক লক্ষীকান্ত বৰাই ৷

অঞ্চলটোৰ মহিলা সমাজকৰ্মী প্ৰয়াত দেৱীমায়া নেৱাৰ লিম্বুৰ সোঁৱৰণত তেওঁৰ স্বামী দিলবাহাদুৰ লিম্বু আৰু পুত্ৰ ঝমক লিম্বু তথা পৰিয়ালবৰ্গই মুখ্য তোৰণখনি আগবঢ়াইছে। তোৰণখনি উদ্বোধন কৰি বৰাই কয়- 'পৱিত্ৰ জন্মাষ্টমীৰ দিনটোতে আজি এই তোৰনখনি উদ্বোধন কৰিবলৈ পাই মই নিজকে ধন্য মানিছো ৷'

এই বিদ্যালয়ৰ তোৰণখনিয়ে অঞ্চলটোৰ সৰবৰহী মহিলা সমাজকৰ্মী দেৱী মায়া লিম্বুৰ অৱদানৰ কথা ছাত্ৰ-ছাত্ৰী, শিক্ষক,কৰ্মচাৰীৰ লগতে ৰাইজক সোঁৱৰাই দি তোৰণখন সদায় অমৰ হৈ থাকিব বুলি মন্তব্য কৰে ৷ তোৰণৰ শুভ উদ্বোধনী অনুষ্ঠানটিত শক্তি কেন্দ্ৰৰ আহ্বায়ক তথা অঞ্চলটোৰ যুৱ সমাজকৰ্মী ৰামু অধিকাৰী, হেমন্ত শৰ্মা, ধনবীৰ বসুমতাৰীৰ লগতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷

শিৱপুৰী প্ৰাথমিক বিদ্যালয়ৰ মুখ্য তোৰণ উদ্বোধন
শিয়ালা বৈষ্ণৱ সত্ৰত উদুলি-মুদুলি পৰিৱেশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in