ডিফুত চাঞ্চল্যকৰ ঘটনা : শোৱাপাটীতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ছাত্ৰীক

ডিফুত চাঞ্চল্যকৰ ঘটনা : শোৱাপাটীতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ছাত্ৰীক
Published on
Updated on

ডিজিটেল সংবাদ,হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ডিফুত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ডিফু পৌৰসভাৰ ১২ নং ৱাৰ্ডত সোমবাৰে নিশা প্ৰায় ১-০০ বজাত এগৰাকী ২৩ বছৰীয়া ছাত্ৰীক দুৰ্বৃত্তই গুলীয়াই হত্য়া কৰে।

জানিব পৰা মতে যুৱতীগৰাকীৰ ঘৰৰ বেৰৰ তলত দুৰ্বৃত্তই সিন্ধি খান্দি প্ৰৱেশ কৰি শুকুৰি তিছ'পী নামৰ যুৱতীগৰাকীক হত্যা কৰে। এই ঘটনাই সমগ্ৰ কাৰ্বি আংলং জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত ডেনগাঁৱৰ বিৰবাৰ অঞ্চলৰ ছাত্ৰীগৰাকীয়ে উচ্চ শিক্ষা লাভৰ বাবে ভগ্নী দুগৰাকীৰ সৈতে ডিফুত বসবাস কৰি আছিল । ডিফুত অধ্যয়ন কৰি থকা ছাত্ৰীগৰাকীক নিশাৰভাগত দুৰ্বৃত্তই কি কাৰণত এই অমানুষিক হত্যাকাণ্ড সংঘটিত কৰিলে সেই বিষয়ে জানিব পৰা হোৱা নাই।

অৱশ্যে এই সন্দৰ্ভত ডিফু আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰ কৰাৰ বাবে জোৰদাৰ তদন্ত অভিযান অব্যাহত ৰাখিছে ।

ডিফুত চাঞ্চল্যকৰ ঘটনা : শোৱাপাটীতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ছাত্ৰীক
নবি মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসলৈ নিৰ্বাচিত তথ্যচিত্ৰ 'চিবুক'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in