কৃষ্ণাইত চাঞ্চল্যকৰ ঘটনা : যুৱকৰ মৃতদেহ উদ্ধাৰ

কৃষ্ণাইত চাঞ্চল্যকৰ ঘটনা : যুৱকৰ মৃতদেহ উদ্ধাৰ
Published on
Updated on

ডিজিটেল সংবাদ,কৃষ্ণাই : গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত পাইকান শ্মশানত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।

উদ্ধাৰ হোৱা মৃতদেহটো মাকৰিবড়ী গাঁৱৰ তহিদুল ইছলাম (২৪)বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা মতে,মংগলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত পাইকা-তুৰাৰ ২১৭ নং ৰাষ্ট্ৰীয় পথৰ নিচেই কাষতে অৱস্থিত পাইকান শ্মশানত ৰাইজে এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। পিচত ৰাইজে কৃষ্ণাই থানাত ঘটনা সন্দৰ্ভত অৱগত কৰে।

লগে লগে আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰে। আৰক্ষীয়ে মৃতদেহটো উবুৰি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

মূহুতৰ্তে ঘটনাটো চৌদিশে বিয়পি পৰাত ঘটনাস্থলীত শ শ লোকৰ সমাগম হয়। পিচত সমবেত একাংশ ৰাইজে মৃতদেহটো তহিদুল ইছলামৰ হয় বুলি চিনাক্ত কৰে। ইতিমধ্যে মাকৰীবড়ীস্থিত হামিদুলৰ পৰিয়ালে খবৰটো লাভ কৰি লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোক চিনাক্ত কৰে।

ইফালে একাংশ ৰাইজে শালজাৰৰ মাজত অৱস্থিত শ্মশানখনত যুৱকজনৰ মৃতদেহ পৰি থকাৰ ঘটনাটোক এক ৰহস্যজনক বুলি মত প্ৰকাশ কৰে। ইফালে হামিদুলৰ পৰিয়ালে এই ঘটনাটোক এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে হামিদুলে সোমবাৰে নিশা ১০ বজালৈ ঘৰতে আছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে যদিও সংবাদ মাধ্যমৰ সন্মুখত তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতি সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ কৰা নাই।ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

কৃষ্ণাইত চাঞ্চল্যকৰ ঘটনা : যুৱকৰ মৃতদেহ উদ্ধাৰ
ছত্ৰপতি শিৱাজী মহাৰাজ বিমান বন্দৰত চিনাক্ত বিদেশী মুদ্ৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in