বকোত ভয়াৱহ অগ্নিকাণ্ড...

বকোত ভয়াৱহ অগ্নিকাণ্ড...
Published on
Updated on

ডিজিটেল সংবাদ,ছমৰীয়া : কামৰূপৰ বকোৰ জ্যোতিনগৰত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখতে এই অঘটন। তিনিখন দোকানত দপদপাই লাগে জুই। অগ্নিকাণ্ডৰ সূত্ৰপাত হয় পদ্দা কুমাৰী আৰু প্ৰতিভা কুমাৰীৰ ষ্টেচনাৰী দোকানত । তাৰ পাছত নিকটৱৰ্তী মদন কুমাৰ নামৰ ব্যক্তি গৰাকীৰ চাহৰ দোকানলৈ বিয়পি পৰে এই জুই ।

সন্দেহ অনুসৰি বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সূত্ৰপাত হৈছিল এই অগ্নিকাণ্ডৰ ।ঘটনাস্থলীত উপস্থিত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে সক্ষম হয় জুই নুমুৱাবলৈ । পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় স্থানীয় আৰক্ষীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in