ধন দাবীৰ অভিযোগ: SI দ্বীপজ্যোতি কাকতিক নিলম্বন

ধন দাবীৰ অভিযোগ: SI দ্বীপজ্যোতি কাকতিক নিলম্বন
Published on
Updated on

ডিজিটেল ডেস্কঃ বালিচাপৰি আৰক্ষী চকীৰ SI দ্বীপজ্যোতি কাকতিক নিলম্বন । IGP জিৎমল দলেৰ নিৰ্দেশত SI দ্বীপজ্যোতি কাকতিক নিলম্বন । নামনি মাজুলী বালিচাপৰি থানাত সংঘটিত হৈছিল ধন দাবী কাণ্ড।

এই ধন দাবী কাণ্ডৰে জড়িতৰ অভিযোগত দ্বীপজ্যোতি কাকতিৰ বিৰুদ্ধে গড়মূৰ থানাত ৰুজু হৈছিল গোচৰ। চোৰৰ সন্দেহত গণৰোষৰ বলি হোৱা দিব্যজ্যোতি নাথ নামৰ যুৱকজনক মুকলি কৰি দিয়াৰ নাম আৰক্ষী দ্বীপজ্যোতি কাকতিয়ে লৈছিল নগদ ২,৫০০ টকা ধন।

বুধবাৰে দিব্যজ্যোতি নাথৰ মেৰুৱাবাৰীৰ বাসগৃহত উপস্থিত হয় IGP জিৎমল দলে আৰু নাথৰ ভাষ্য গ্ৰহণ কৰে। ইয়াৰোপৰি IGP দলে দিব্যজ্যোতি নাথৰ পৰিয়াল তথা বালিচাপৰি থানাৰ আৰক্ষীসকলৰো ভাষ্য গ্রহণ কৰে।

উল্লেখ্য যে, দ্বীপজ্যোতিৰ বিৰুদ্ধে গড়মূৰ থানাত লিখিত অভিযোগ দাখিল কৰিছিল মেৰুৱাবাৰীৰ আনন্দ নাথে। আনন্দ নাথৰ এজাহাৰৰ ভিত্তিতে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছিল দ্বীপজ্যোতি কাকতিক ।

১০ জুনৰ নিশা দিব্যজ্যোতি নাথে শহুৰেকৰ ঘৰলৈ যাওঁতে চোৰৰ অভিযোগত গণৰোষৰ বলি হৈছিল। ইয়াৰ পাছতে তেওঁক আৰক্ষী দ্বীপজ্যোতি কাকতিয়ে উদ্ধাৰ কৰি থানালৈ লৈ আনিছিল।

থানাত বাঘগাঁও গাঁওৰক্ষী বাহিনী,গাওঁপ্ৰধান আৰু দিব্যজ্যোতি নাথৰ পিতৃ আনন্দ নাথৰ উপস্থিতিত এখন চুক্তিত স্বাক্ষৰ কৰি মুকলি কৰি দিয়াৰ নামত লৈছিল উক্ত ধনৰাশি।

ধন দাবীৰ অভিযোগত আৰক্ষী দ্বীপজ্যোতি কাকতিক ৰিজাৰ্ভ ক্ল'জ কৰাৰ পাছতেই বুধবাৰে বিয়লি IGP জিৎমল দলেৰ নিৰ্দেশত নিলম্বন কৰে।

ধন দাবীৰ অভিযোগ: SI দ্বীপজ্যোতি কাকতিক নিলম্বন
নগাঁৱৰ ছাত্ৰীৰ সত্ৰীয়া নৃত্যত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃত্তি লাভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in