লখিমপুৰলৈ ৰাওনা জোনমণি কাণ্ডৰ তদন্তকাৰী চি বি আইৰ দল...

লখিমপুৰলৈ ৰাওনা জোনমণি কাণ্ডৰ তদন্তকাৰী চি বি আইৰ দল...

author-image
Asomiya Pratidin
New Update
লখিমপুৰলৈ ৰাওনা জোনমণি কাণ্ডৰ তদন্তকাৰী চি বি আইৰ দল...

লখিমপুৰলৈ ৰাওনা জোনমণি কাণ্ডৰ তদন্তকাৰী চি বি আইৰ দল...

ডিজিটেল ডেস্কঃ এছ আই জোনমণি ৰাভা কাণ্ডৰ তদন্তৰ বাবে অসমত আহি উপস্থিত হৈ তদন্ত চলাই থকা চি বি আইৰ দলটো এইবাৰ ৰাওনা হৈছে লখিমপুৰ জিলালৈ। গুৱাহাটী আৰু নগাঁৱত তদন্ত কৰি এইবাৰ জোনমণি কাণ্ডৰ সৈতে প্ৰত্যক্ষ অথবা পৰোক্ষ ভাৱেই হওক জড়িত হৈ থকা লখিমপুৰত চলাব তদন্ত।

উল্লেখ্য যে, জোনমণি ৰাভা কাণ্ডৰ সৈতে জড়িত হৈ পৰিছিল লখিমপুৰৰ নকল সোণ আৰু জালনোট চক্ৰ। নগাওঁ জিলা আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাই জোনমণি ৰাভাৰ লখিমপুৰলৈ অভিযান চলাবলৈ যাবলৈ দিছিল বুলিও খবৰ প্ৰকাশ পাইছিল।

খিমপুৰ আৰক্ষীক অৱগত নকৰাকৈ জোনমণি ৰাভাৰ নেতৃত্বত নগাওঁ আৰক্ষীৰ এটা দলে লখিমপুৰত অভিযান চলাইছিল। সেই অভিযানক কেন্দ্ৰ কৰিয়েই পৰৱৰ্তী সময়ত জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পূৰ্বে ১৫ মে'ত লখিমপুৰ সদৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হৈছিল ১৮৩/২০২৩ নম্বৰত এক গোচৰ। ভাৰতীয় দণ্ডবিধিৰ 120 B, 395, 397, 342, 387 ধাৰাত এই গোচৰ ৰুজু হৈছিল।

গোচৰটো ৰুজু কৰছিল আমিনা খাটুন নামৰ এগৰাকী মহিলাই। এই মহিলা গৰাকীয়ে অভিযোগ কৰিছিল যে, তেওঁৰ পুত্ৰ আজগৰ আলীক কৰায়ত্ত কৰিবলৈ নগাঁৱৰ পৰা লখিমপুৰলৈ গৈছিল জোনমণি ৰাভা আৰু নগাঁৱত আটক কৰা কেইবাজনো অভিযুক্ত।

পৰৱৰ্তী সময়ত ধনৰ বিনিময়ত অত্যাচাৰ চলাই আমিনা খাটুনৰ পুত্ৰক এৰি দিয়া বুলিও এজাহাৰত উল্লেখ কৰা হৈছিল। আমিনা খাটুনে এজাহাৰত উল্লেখ কৰা অনুসৰি তেওঁৰ পুত্ৰক এৰি দিয়াক কেন্দ্ৰ কৰি নগদ ৬ লাখ ৮০ হাজাৰ টকাৰ লেনদেন হৈছিল।

তাৰোপৰি প্ৰথমে আজগৰ আলী নকল সোণ চক্ৰৰে জড়িত নহয় বুলি দাবী কৰিছিল যদিও আজগৰ আলীয়ে সোণ কাটি থকা এটা ভিডিঅ' পোহৰলৈ আহিছিল। জোনমণি ৰাভা কাণ্ডৰ পাছতো নিজকে নিৰ্দোষী আৰু নকল সোণ ব্যৱসায়ৰ সৈতে জড়িত নহয় বুলি দাবী কৰা আজগৰ আলীয়ে অৱশ্যে পৰৱৰ্তী সময়ত আনন্দ মিশ্ৰ লখিমপুৰৰ নতুন এছ পি হিচাপে যোগদান কৰাৰ সময়ত আত্মসমৰ্পণ কৰে।

লখিমপুৰ আৰক্ষী এই নকল সোণ আৰু নকল নোট চক্ৰৰ সৈতে জড়িত হৈ থকাৰো বিস্ফোৰক অভিযোগ উত্থাপন হৈছিল। এই চক্ৰই আৰক্ষীৰে মিত্ৰতা কৰি বছৰ বছৰ ধৰি সাধাৰণ লোকক বুৰ্বক সজাই আহিছিল।

ইফালে হাছিনা বেগম নামৰ আন এগৰাকী মহিলাই জোনমণি ৰাভাৰ এয়া দুৰ্ঘটনা নহয় বৰঞ্চ হত্যাহে বুলি মুকলি অভিযোগ উত্থাপন কৰিছিল। তেওঁ জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে নাওবৈচাৰ আই চিৰ বিৰুদ্ধেও উত্থাপন কৰিছিল গুৰুতৰ অভিযোগ।

সংবাদ মাধ্যমৰ জৰিয়তে মুকলিকৈ তেওঁ অভিযোগ কৰি কৈছে নকল সোণ চক্ৰৰ সৈতে জড়িত হৈ আছে নাওবৈচাৰ আই চিগাৰকী। এই সমগ্ৰ ঘটনা ক্ৰম এতিয়া চি বি আইৰ তদন্তৰ আওঁতালৈ আহিব।

চি বি আইৰ তদন্তকাৰী বিষয়া ডি আই জি লাভলী কাটিয়াৰ নেতৃত্বত ৮ জনীয়া দলটো নগাঁৱৰ পৰা লখিমপুৰলৈ ৰাওনা হৈছে। ইফালে চি বি আইৰ দলটোৱে জব্দ কৰিছে জোনমণি ৰাভাই ব্যৱহাৰ কৰা কম্পিউটাৰ।

যোৱা দেওবাৰ আৰু সোমবাৰে জোনমণি ৰাভা কাণ্ডৰে নাম জড়িত হৈ পৰা আভা জ্যোতি ৰাভা, মনোজ ৰাজবংশী, মনোজ বৰুৱাক দুদিন ধৰি জেৰা কৰে চি বি আইৰ দলটোৱে।

Also Read: বিশিষ্ট শিল্পী বংশীধৰ ডেকালৈ 'ধৰ্ম্মদেৱ বিপ্ৰ বঁটা'...

চি বি আই জোনমণি ৰাভা