ডিজিটেল সংবাদ, চিৰাং : আজি ইউপিপিএল ৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু বিপিএফ ৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ হৈ চিদলীৰ কাশিকোত্ৰাত নিৰ্বাচনী প্ৰচাৰ চলাই বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই।এনডিএ মিত্ৰজোঁটৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই তেখেতৰ একালৰ সতীৰ্থ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰব হৈ উঠে । বিপিএপ দল বৰ্তমান সময়ত যি পৰিস্থিতি আছে উপ-নিৰ্বাচনৰ পিছত এই বিপিএফ আৰু দল হিচাপে নেথাকে বুলি কটাক্ষ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আটাইতকৈ চৰ্চিত ব্যক্তি তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ।
প্ৰাক্তন মন্ত্ৰী ব্ৰহ্মই আৰু কয় যে হাগ্ৰামা মহিলাৰী ২০২০ চনত ক্ষমতা হেৰুৱাৰ পিছৰে পৰা কেৱল বিটিচি মুখ্য কাৰ্য্যবাহী সদস্য হোৱাৰে কথা কৈ আহিছে । কিমান বাৰ যে কৈছে প্ৰমোদ বড়োক ক্ষমতাৰ পৰা আঁতৰাই কম সময়ৰ ভিতৰতে পুনৰ বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হবলৈ গৈ আছে। এইবোৰ কথা শুনি শুনি তেখেতৰ দলৰ মানুহবোৰেই অতিষ্ঠ হৈ গৈছে কিন্তু আজিলৈকে হাগ্ৰামা মহিলাৰীৰ সেই সপোন পূৰণ কৰিব পৰা নাই সপোন হৈয়ে থাকি গ'ল ।
লগতে কয় যে, মহিলাৰীয়ে এতিয়া কৈ আছে যে এই চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিপিএফ দলৰ প্ৰাৰ্থী বিজয়ী হব আৰু ২০২৫ ত অনু্ষ্ঠিত হবলগা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজয়ী হৈ বিটিচিত চৰকাৰ গঠন কৰিব । এতিয়া মই কৈছো যে বিপিএপ দল বৰ্তমান সময়ত যি পৰিস্থিতি আছে বিটিচিৰ পৰিষদীয় নিৰ্বাচন বাদ দিয়ক চিদলী সমষ্টিৰ উপ-নিৰ্বাচনৰ পিছতে এই বিপিএফ আৰু দল হিচাপে নেথাকে । কাৰণ এতিয়া হাগ্ৰামা মহিলাৰীৰ ওপৰত আৰু বিপিএফ দলৰ নেতা কৰ্মী সকলৰ আস্থা নোহোৱা হৈছে । এজনৰ পিছত বিপিএফ নেতা ইউপিপিএল দলত ধাৰাবাহিক ভাবে যোগদান কৰিয়ে আছে পিছলৈ কাক লৈ ৰাজনীতি বা দল কৰিব হাগ্ৰামা মহিলাৰীয়ে । এইদৰেই আজি একালৰ সতীৰ্থ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক বাক্যবাণেৰে আক্ৰমণ কৰে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ।
প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল আৰু বিজেপি দলৰ চৰকাৰে খনে বৰ্তমান সময়ত যিদৰে বিটিআৰ এলেকাত শান্তি প্ৰতিষ্ঠা কৰি ক্ষিপ্ৰতাৰে উন্নয়নমূলক কামকাজ কৰি আছে তেনেক্ষেত্ৰত চিদলী সমষ্টিৰ আমাৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সন্মুখত কোনো প্ৰতিদ্বন্দিতাই নাই। আমাৰ দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই বিপুল ভোটৰ ব্যৱধানত বিজয়ী হবলৈ গৈ আছে সেয়া এশ শতাংশ নিশ্চিত বুলি দাবী কৰে ।
আনপিনে একে সময়তে চিদলী সমষ্টিৰ কাশিকোত্ৰাত বিপিএফ দলৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়ত এক দলীয় নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে। প্ৰমোদ বড়োই ৫০ৰ এশজন মানুহক লৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি কয় যে বিগত ১৭ বছৰৰ মোৰ শাসনকালত বিটিচিত একোৱেই উন্নয়নমূলক কাম-কাজৰ হোৱা নাই । প্ৰমোদ বড়োই কলেই হব নেকি বিটিচিবাসী ৰাইজে জানে নহয় আমাৰ শাসনকালত আমি কি কি কাম কৰিছো বৰঞ্চ চাৰি বছৰত প্ৰমোদ বড়োই হে একো কাম কৰা নাই বুলি মন্তব্য কৰে ।
ইপিনে একালৰ সতীৰ্থ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক বিপিএফ দলক ঘূৰাই অনা সন্দৰ্ভত কয় যে চন্দন ঘূৰাই আনিবলৈ মানুহ পঠিয়াইছিলো কিন্তু নাহিলে মই কি কৰিম। আনহাতে চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ নেতা মন্ত্ৰী সকলে তেওঁলোকৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে তাৰ বিপৰীতে হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ হৈ কিয় নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই বুলি কৰা প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে কয় যে মই শুদ্ধ বসুমতাৰীৰ হৈ মুকলিকৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই যদিও সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকি সৰু সৰু মেল মিটিং কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আছো কিন্তু কাইলৈৰ পৰা আমাৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা হব ।
চিদলী সমষ্টিৰ উপ-নিৰ্বাচনক ছেমিফাইনেল আৰু ২০২৫ চনত বিটিচি পৰিষদীয় নিৰ্বাচনক ফাইনেল খেল বুলি অভিহিত কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে,বিপিএফ দল চিদলী উপ-নিৰ্বাচনৰ ছেমিফাইনেলত এশ শতাংশ জিকিব আৰু ২০২৫ ৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ ফাইনেল খেলত বিজয়ী হৈ বিপিএফ দলে বিটিচিত পুনৰ চৰকাৰ গঠন কৰিব হুংকাৰ প্ৰদান কৰে।
চিদলী সমষ্টিত প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি আছে আৰু তেখেত অহাৰ পিছত বিপিএফৰ হিচাপ নিকাচত কিবা গণ্ডগোল হব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে, এনডিএ মিত্ৰজোঁটৰ হৈ প্ৰচাৰ চলাবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অহাটো স্বাভাৱিক কিন্তু তেখেত আহিলেও বিপিএফ দলৰ কোনো ক্ষতি কৰিব নোৱাৰিব মুঠতে বিপিএফ দল জিকিব সেয়া নিশ্চিত। কিন্তু উপ-নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনা যদি কোনোবাই গণ্ডগোল নকৰে তেনেহলে আমাক কোনেও ৰখিব নোৱাৰিব। আমি সেই দিশটো লক্ষ্য কৰি আছো বুলি মন্তব্য কৰে।
Also Read: হাজোত শৰীৰ কলা প্ৰদৰ্শন প্ৰতিযোগিতা অনুষ্ঠিত