চিদলীত মিত্ৰজোঁটৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঠায়ে ঠায়ে ব্যাপক হাৰত চৰকাৰ বিৰোধী পোষ্টাৰিং...

চিদলীত মিত্ৰজোঁটৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঠায়ে ঠায়ে ব্যাপক হাৰত চৰকাৰ বিৰোধী পোষ্টাৰিং...

author-image
Asomiya Pratidin
New Update
চিদলীত  মিত্ৰজোঁটৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঠায়ে ঠায়ে ব্যাপক হাৰত চৰকাৰ বিৰোধী পোষ্টাৰিং...

ডিজিটেল সংবাদ কোকৰাঝাৰ, চিৰাংঃ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত মিত্ৰজোঁটে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। বিজেপি-ইউপিপিএল- অগপই আজি দিনটোত কালিপুখুৰী এলেকাত কেবাখনো নিৰ্বাচনী সভা অনুষ্ঠিত কৰে । ইয়াৰে কালিপুখুৰী হাওৰীয়া মণ্ডল পথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অগপৰ সভাপতি অতুল বৰা উপস্থিত থাকে ।

চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ কালীপুখুৰী গাঁৱত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ অসম গণ পৰিষদ দলে আয়োজন কৰা উক্ত সভাত সেৰেঙা উপস্থিতি পৰিলক্ষিত হয় । যাৰ পৰিণতিত অগপ দলৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰা কেবাঘণ্টা সময় অগপ দলৰ উপ-সভাপতি কৰ্ণমোহন ৰায়ৰ ঘৰত সময় অতিবাহিত কৰিব লগাত পৰে ।

দৰাচলতে কোচ-ৰাজবংশী জনগোষ্ঠীয় অধ্যুষিত কালীপুখুৰী এলেকাত কোচ-ৰাজবংশী সকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁট চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোচ-ৰাজবংশী জনতা অসন্তুষ্টি হৈছে বুলি অনুমান কৰা হৈছে। তাৰ মাজতেই কালি নিশা দুষ্টচক্ৰই চিদলী বিধানসভা সমষ্টিৰ কোচ-ৰাজবংশী অধ্যুষিত এলেকা কালিপুখুৰী , ঢোলমাৰা আদি ঠাইত বিজেপি, অগপ আৰু ইউপিপিএল দলক বৰ্জন কৰাৰ আহ্বান কৰি ব্যাপক হাৰত পোষ্টাৰিং কৰা পৰিলক্ষিত হৈছে।

উক্ত পোষ্টাৰিংত "জাগো ভাই জাগো , কোচ -ৰাজবংশী জাগো" , মিছা প্ৰতিশ্ৰুতি দিয়া বিজেপি ,অগপ , ইউপিপিএল দলক বৰ্জন কৰক" বুলি উল্লেখ থকাৰ লগতে সমুহ দল -সংগঠনকো বিজেপি, এজিপি আৰু ইউপিপিএলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট নিদিবলৈ আহ্বান জনাইছে। তদুপৰি পোষ্টাৰিংৰ যোগেদি জনজাতিকৰণৰ নামত কোচ-ৰাজবংশীক প্ৰতাৰণা কৰা, জনজাতি আৰু কমতাপুৰ আন্দোলনক ধ্বংস কৰি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠেনেৰে কোচ -ৰাজবংশীক ললিপপ দিয়া, কোচ ৰাজবংশীৰ আবেগ অনুুভূতিক আঘাত দি ৰূপচী বিমানবন্দৰৰ নাম সলনি কৰা , মিছন বসুন্ধৰা ৩.০ ৰ নামত কোচ ৰাজবংশীক প্ৰতাৰণা কৰাৰ কথা উল্লেখ কৰিছে ।

পোষ্টাৰিঙৰ পিছৰ দিনাই অৰ্থাৎ আজি চিদলী বিধানসভা সমষ্টিৰ কোচ-ৰাজবংশী জনগোষ্ঠী অধ্যুষিত কালীপুখুৰীত এনডিএ তথা মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ সভাত কোচ-ৰাজবংশী জনগোষ্ঠীয় লোকৰ উপস্থিত সেৰেঙা হোৱা ঘটনাই চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত অন্য এক বাৰ্তা বহন কৰিছে বুলি চৰ্চিত হৈছে ।

এনে এক পৰিৱেশৰ মাজতে অগপৰ সভাপতি অতুল বৰাই মন্ত্ৰী যোগেন মোহনক লৈ দেৰিকৈ হলেও কালিপুখুৰী হাওৰীয়া মণ্ডল পথাৰত এক নিৰ্বাচনী সভা অনুষ্ঠিত কৰে । উক্ত সভাত জিলা বিজেপি -অগপৰ নেৰ্তৃবৰ্গ উপস্থিত থকাৰ লগতে বিধায়ক লৰেঞ্চ ইছলাৰী , কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন , ইউপিপিএলৰ সম্পাদক অৰুণ ৰায় আদিকে ধৰি আন বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।

ইপিনে সংবাদমাধ্যমৰ আগত অগপৰ সভাপতি অতুল বৰাই চিদলী সমষ্টিৰ লগতে বাকীকেইটা সমষ্টিতো মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকিব বুলি মন্তব্য কৰে । সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত বঙাইগাঁওত কোনো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলা নাই বুলি মন্তব্য কৰি অতুল বৰাই কয় যে অগপ হ'ল আঞ্চলিক দল আৰু ই এটা বৃহৎ পৰিয়াল ।

দ্বীপ্তিময়ী চৌধুৰী সৰ্বসন্মত প্ৰাৰ্থী বুলি মন্তব্য কৰিছে অতুল বৰাই। প্ৰাৰ্থী দিয়াৰ পূৰ্বে প্ৰাৰ্থীগৰাকীৰ জয়ৰ সম্ভাৱনা কিমান সেয়া পৰীক্ষা কৰা হয় বুলি মন্তব্য কৰি অতুল বৰাই কয় যে দ্বীপ্তিময়ী চৌধুৰীৰ বিজয় নিশ্চিত । বঙাইগাঁৱত যেনেদৰে দ্বীপিময়ী চৌধুৰীৰ বিজয় নিশ্চিত ঠিক তেনেদৰে চিদলী সমষ্টিতো নিৰ্মল কুমাৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে অতুল বৰাই ।

আনহাতে উক্ত সভাত মন্ত্ৰী যোগেন মোহেনে উন্নয়ন ,শান্তি, নিৰাপত্তাৰ বাবেই ভোটাৰ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব বুলি সদৰি কৰে । কুৰ্শাকাটিৰ ওপৰত থকা চম্পাৱতী নদীৰ ওপৰত দলংখন নিৰ্মান কৰাৰ যি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী দিছিল সেয়া শীঘ্ৰেই ৰূপায়ন কৰা হ'ব বুলি মন্তব্য কৰে ।

ইপিনে কুৰ্শাকাটি গাঁৱত আয়োজিত হোৱা আন এক নিৰ্বাচনী সভাত ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক ক্ষমতালোভী বুলি আখ্যা দিয়ে । হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰে একো সমস্যা সমাধান নকৰাৰ বিপৰীতে ইউপিপিএল চৰকাৰে মাটি বাৰীৰ সমস্যা সমাধান কৰিলে ।

ইউপিপিএল চৰকাৰৰ কাৰ্যকালত ২ লাখ ২৩ হাজাৰ গৰাকী লোকৰ মাটিৰ সমস্যা সমাধান কৰিলে। চাৰিওফালে উন্নয়ন , শান্তি , নিৰাপত্তা বাহাল আছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে অৰুণোদয় , ৰেচন কাৰ্ড, নিযুত মাইনা, জলজীৱন আঁচনিৰ সুবিধাৰ বিষয়ে বাখ্যা কৰে । মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব বুলিও দাবী কৰিছে প্ৰমোদ বড়োৱে ।

কুৰ্শাকাটিত অনুষ্ঠিত হোৱা সভাতো অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰা উপস্থিত থাকি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম ৫০ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি উল্লেখ কৰে ।কুৰ্শাকাটিত অনুষ্ঠিত হোৱা সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , বিধায়ক লৰেঞ্চ ইছলাৰী আদিকে ধৰি ইউপিপিএল সংখ্যালঘু কোষৰ বহু নেতা উপস্থিত আছিল ।

চিদলী