ডিজিটেল ডেস্ক : এগৰাকী মহিলাৰ মৃত্যুৰ পাছতে ৰাজ্যিক বিজেপিত চাঞ্চল্যৰ সৃষ্টি হৈছে। বিজেপিৰ কিষাণ মৰ্চাৰ সভানেত্ৰী ইন্দ্ৰাণী তদবিলদাৰৰ মৃত্যুৰ পাছতেই দলটোৰ ভিতৰচ'ৰাৰ একাংশ নেতাৰ কু-কাণ্ডৰ কথা পোহৰলৈ আহিছে।
এই কাণ্ডত সাঙোৰ খাইছে বিজেপিৰ বহু নেতা-পালিনেতাৰ নাম। তাৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নামো। ভাইৰেল হোৱা এটা অডিঅ' ক্লীপত ভট্টাচাৰ্যৰ নাম শুনিবলৈ পোৱা হৈছিল য'ত কোৱা হৈছিল যে সমগ্ৰ ঘটনাৰাজিৰ বাবে তেওঁক জগৰীয়া কৰিব। এই সন্দৰ্ভত স্পষ্টীকৰণ দিছে সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
এই সন্দৰ্ভত তেওঁ দলৰ সভাপতিলৈ বুলি লিখিছে - নমস্কাৰ গ্ৰহণ কৰিব। এটা বিশেষ বিষয় আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। বিগত কিছুদিন ধৰি সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত এক স্পর্শকাতৰ বিষয়ত মোক যুক্ত কৰি বিভিন্ন মন্তব্য প্রকাশ পাইছে। দলটোৰ এগৰাকী কৰ্মীৰ আত্মহত্যা সম্পৰ্কত ৰহস্যজনকভাৱে মোৰ নাম বাৰম্বাৰ উল্লেখ কৰি থকা হৈছে। একাংশ লোকৰ টেলিফোনিক কথোপকথনত মোৰ নাম উল্লেখ কৰাক লৈ বিভিন্ন প্রশ্ন উত্থাপন হৈছে।
এই দুর্ভাগ্যজনক তথা দুখজনক কাণ্ড সংঘটিত হোৱাৰ কাৰণ হৈছে দলৰ একাংশ কর্মীয়ে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল আৰু পিছলৈ চাকৰি দিব নোৱাৰাৰ বাবে সেই ধন চাকৰি প্ৰত্যাশিয়ে ঘূৰাই বিচাৰিছিল।
ধন ঘূৰাই বিচৰাসকলৰ একাংশই প্রয়াত মহিলাগৰাকীৰ এখন আপত্তিজনক অন্তৰংগ মুহূৰ্ত্তৰ ফটো ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছিল। প্ৰয়াত মহিলাগৰাকীৰ সৈতে ৰিচা নামৰ এগৰাকী মহিলা আৰু দ্বীবন ডেকা নামৰ ব্যক্তিৰে সমগ্ৰ ঘটনাটো গাপ দিবলৈ আৰু নিজকে নির্দোষী সজাবলৈ এক ষড়যন্ত্ৰ ৰচনা কৰিছিল।
এই ষড়যন্ত্ৰ ফাদিল হয় এটা বিশেষ অডিঅ' ফোনকলৰ জৰিয়তে। ফোনকলৰ বাৰ্তালাপত মোক অনাহকত টানি আনি বলিৰ পঠা সজাই ঘটনাটো অন্য ৰূপ দিবলৈ কৰা অপচেষ্টা প্ৰকাশ পাইছে। স্পষ্টভাৱে ৰিচা নামৰ মহিলাগৰাকীয়ে টেলিফোনিক বার্তালাপত কৈছে— “আমি সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ মূৰত কঁঠাল ভাঙিব লাগিব।”
দলটোৰ প্ৰাৰম্ভিক বেয়া সময়ৰ পৰা আজি পর্যন্ত দলৰ স্বাৰ্থত নিঃস্বার্থভাৱে সেৱা আগবঢ়াই আহিছোঁ। বিভিন্ন সময়ত দলে বিভিন্ন দায়িত্ব মোৰ ওপৰত অৰ্পণ কৰিছিল। দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্বও নিষ্ঠাসহকাৰে গ্ৰহণ কৰিছিলোঁ। এগৰাকী অধিবক্তা হিচাবে National Legal Cellৰ Co-convener হিচাপে দায়িত্ব পালন কৰিছিলোঁ।
দলৰ ৰাষ্ট্ৰীয় মুখপাত্রৰ দায়িত্বও মই গ্রহণ কৰিছিলোঁ। দুবাৰকৈ পূব গুৱাহাটী সমষ্টিৰ বিধায়কৰ গুৰুদায়িত্বও এই পালন কৰি আহিছোঁ। সর্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ সদস্যও মই আছিলোঁ। এনেবোৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰি মই কেৱল আৰু কেৱল মাথো সমাজ আৰু দলৰ স্বাৰ্থতে কাম কৰি আহিছোঁ।
কিন্তু বিগত কেইবছৰমান ধৰি মন কৰিছোঁ যে, দলৰ কোনো বিশেষ দায়িত্ব আমাক দিয়া হোৱা নাই। সেই লৈ মোৰ কোনো আক্ষেপো নাই। হয়তো আমাতকৈ যোগ্যজনক তেনেসমূহ দায়িত্ব অর্পণ কৰা হৈছে।
ইয়াৰ পিছতো পূৰ্বৰ দৰে দলৰ স্বাৰ্থত সক্রিয়ভাৱে দায়িত্ব পালন কৰি আহিছোঁ। দলৰ কোনো কামত হোঁহোঁকা-পিছলা কৰাৰ নজিৰ নাই। কিন্তু দুখজনক বিষয় এয়ে যে, মোৰ দৰে বহু জ্যেষ্ঠ বিজেপি কৰ্মীৰ বিৰুদ্ধে দলৰ মজিয়াতে বিভিন্ন ষড়যন্ত্র ৰচা হৈছে।
দলৰ নীতি-আদৰ্শৰ সৈতে জীপ যাব নোৱাৰা একাংশ পাবত গজা তথাকথিত বিজেপি কর্মীৰ দ্বাৰা এনেবোৰ কাৰ্য সংঘটিত হৈ আহিছে। শেহতীয়াভাৱে মোৰ নাম সাঙোৰ খোৱা কাণ্ডটোৰ সৈতেও এনে একাংশ বিজেপি কর্মী জড়িত হৈ আছে। বিজেপিৰ নীতি-আদৰ্শৰে ৰাজনীতি কৰা মোৰ দৰে কোনো ব্যক্তিয়েই এনে নিকৃষ্ট কাণ্ডৰে জড়িত হ'ব নোৱাৰে এয়া মাথো দলৰ নিষ্ঠাৱান কর্মী তথা জ্যেষ্ঠ পুৰণি কৰ্মীক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ অংশবিশেষ।
মহোদয়ক মই অনুৰোধ জনাওঁ যাতে মই উল্লেখ কৰা এই কাণ্ডৰ উচিত তদন্ত হওক। বিষয়টোৰ সৈতে জড়িত ব্যক্তিক উচিত শাস্তি প্ৰদান কৰা হওক। যদি এই কাণ্ডৰে তিলমানো মই জড়িত থকাৰ প্ৰমাণ পায় তেনেহ'লে দলে মোৰ ওপৰতো উপযুক্ত শাস্তিৰ বিধান তৈয়াৰ কৰক।
সমান্তৰালভাৱে, দলৰ মজিয়াত চলি থকা এনেবোৰ নিকৃষ্ট কামৰ ইতি পেলাবলৈ আপুনি সভাপতি হিচাবে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰক। বিষয়টোৰ গুৰুত্ব বুজি দল তথা চৰকাৰৰ ভাবমূর্তি লাঘৱ নোহোৱাৰ স্বাৰ্থত উপযুক্ত পদক্ষেপ গ্রহণ কৰিব বুলি আশা ৰাখিলোঁ।
Also Read: ব্যৰ্থ আৰক্ষী ! পলায়ন কৰা আচামী নিজে আহি আদালতত উপস্থিত