প্ৰমাণ দিম নেকি- কোন মহিলাৰ ৰিপুন বৰালৈ আঙুলি...

তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাক উভতি ধৰিছে এগৰাকী নাৰীয়ে।

author-image
Asomiya Pratidin
New Update
প্ৰমাণ দিম নেকি- কোন মহিলাৰ  ৰিপুন বৰালৈ আঙুলি...

তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাক উভতি ধৰিছে এগৰাকী নাৰীয়ে।সততে সামাজিক মাধ্যমত চৰ্চাত থকা শিখা শৰ্মা নামৰ এই মহিলা গৰাকী কিছু দিনৰ পূৰ্বে ৰিপুন বৰাৰ সৈতে একেলগে তৃণমূল কংগ্ৰেছত আছিল।

শিখা শৰ্মাই তৃণমূল এৰাৰ পাছত ৰিপুন বৰাই এই সন্দৰ্ভত কৰা এক মন্তব্যক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত শিখা শৰ্মাই ৰিপুন বৰাক উভতি ধৰিছে।  মহিলা গৰাকীয়ে অভিযোগ কৰা মতে পশ্চিমবংগৰ পৰা ভুৱা বিল পঠাই ৰিপুন বৰাই ধন আত্মসাৎ কৰিছে।

জাতীয় সংগীত ভুলকৈ গোৱা, ৰেডিশ্বন ব্লুৰ পৰা চাউণ্ড চিষ্টেম মিছাকৈ নিয়া বুলি কৈ ভুৱা বিল দিয়া আদি অভিযোগৰ সন্দৰ্ভত ৰাজ্যৰ জ্যেষ্ঠ ৰাজনীতিবিদ গৰাকীয়ে আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

সামাজিক মাধ্যমত ৰিপুন বৰাত তুলাধূনা দি শিখা শৰ্মাই অভিযোগ কৰিছে যে মমতা বেনাৰ্জীৰ মন্ত্ৰীৰ ঘৰত অবৈধ টকা ওলাইছে। ইডিৰ পৰা বচাবলৈ কোন কোন টি এম চি মন্ত্ৰীৰ পৰা টকা আনি অসমত বিলাইছে বুলি অভিযোগ উত্থাপন কৰা হৈছে এই পোষ্টটোত।

মমতা বেনাৰ্জীৰ কলা ধনেৰে অসমত দল চলাই ৰিপুন বৰাই সেই ক'লা ধনৰ অংশ আনি অসমৰ মানুহক পাপৰ সমভাগী কৰিছে বুলিও অভিযোগ তুলিছে এই গৰাকী মহিলাই।

কল ৰেকৰ্ডিং, স্ক্ৰীনশ্বট আৰু উপযুক্ত তথ্য সহ এই অভিযোগ উত্থাপন কৰা হৈছে বুলি দাবী কৰিছে শিখা শৰ্মাই। মহিলা গৰাকীৰ গুৰুতৰ অভিযোগৰ সন্দৰ্ভথ ৰিপুন বৰাই কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া লক্ষণীয় হ'ব।

assam tmc ripun bora