শিলচৰৰ পৰ্যালোচনা সভাত মন্ত্ৰী ৰঞ্জিত দাস

শিলচৰৰ পৰ্যালোচনা সভাত মন্ত্ৰী ৰঞ্জিত দাস

author-image
Asomiya Pratidin
New Update
শিলচৰৰ পৰ্যালোচনা সভাত মন্ত্ৰী ৰঞ্জিত দাস

ডিজিটেল সংবাদ,শিলচৰ : 'কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে মঞ্জুৰ কৰা ২০ লাখ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ভিতৰত ১৯ লাখ ঘৰ ইতিমধ্যে নিৰ্মাণ সম্পুৰ্ণ হৈছে। শনিবাৰে এই ১৯ লাখ পকী ঘৰ নিৰ্মাণৰ কাম সম্পুৰ্ণ হৈছে।'

দেওবাৰে শিলচৰত এই তথ্য সদৰী কৰে ৰাজ্যৰ গ্ৰামোন্নয়ণ আৰু পঞ্চায়ত তথা খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে পাঁচদিনীয়া কাৰ্যসূচীৰে শনিবাৰে বৰাকত উপস্থিত হৈছিল মন্ত্ৰীগৰাকী।

মন্ত্ৰী ৰঞ্জিত দাসে কাছাৰ জিলা আয়ুক্তৰ কাৰ্যলয়ত আয়োজিত যোগান আৰু খাদ্য, গ্ৰামোন্নয়ণ বিভাগসহ বিভিন্ন বিভাগৰ এক পৰ্যালোচনা সভাত অংশ গ্ৰহন কৰি জিলাখনৰ উন্নয়ণৰ বুজ লয়। দেওবাৰে মন্ত্ৰীগৰাকীয়ে ধলাই সমষ্টিৰ নৰছিংপুৰ আৰু পালংঘাটত আয়োজিত দুখন সভাতো অংশগ্ৰহন কৰে।

জানিব পৰা মতে সোমবাৰ আৰু মঙলবাৰে মন্ত্ৰীগৰাকীয়ে হাইলাকান্দি আৰু কৰিমগঞ্জ জিলালৈ গৈ পয্যালোচনা সভাত অংশ গ্ৰহন কৰিব।

Also Read: ৰঙিয়াত বিশ্ব হিন্দু মহাসংঘৰ পূৰ্ণাংগ কামৰূপ গ্ৰাম্য জিলা সমিতি গঠন

pmayg RANJIT DAS