ডিজিটেল সংবাদ, শিলচৰ : জনজাতিকৰণসহ ৫ টা দাবী আদায়ৰ সমৰ্থনত সমগ্ৰ ৰাজ্যতে অব্যাহত আছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিবাদ। এই আন্দোলনৰ অংশ হিচাপে শুকুৰবাৰে কাছাৰ জিলাতো দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাছাৰ জিলা সমিতিয়ে।
জিলাখনৰ লক্ষীপুৰ সমষ্টিৰ নাৰায়ণপুৰ অসমীয়া কোচ ৰাজবংশী গাঁৱত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ সহস্ৰাধিক পুৰুষ মহিলাই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহন কৰে। এছ টি আমাক লাগিবই, নো এছ টি, নো ৰেষ্ট , বিজেপি হুচিয়াৰ আদি শ্লো গান দি পৰিস্থিতি উত্তাল কৰে।
কাছাৰ জিলাৰ ৯খন অসমীয়া কোচ ৰাজবংশী গাঁৱৰ পৰা অহা পুৰুষ মহিলা আৰু যুৱক-যুৱতীসকলে জন জাতিকৰণৰ দাবী উত্থাপন কৰি শীঘ্ৰে তেঁওলোকৰ দাবী পূৰণ কৰিবলৈ বিজেপি চৰকাৰক দাবী জনায় । ইফালে, লক্ষীপুৰ মহকুমা প্ৰশাসনে লক্ষীপুৰত ধৰ্ণাৰ অনুমতি নিদিয়াত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী সকলে।
Also Read: দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদায় সভা সম্পন্ন