ডিজিটেল সংবাদ,শিলচৰ : পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়। সন্মানীয় ডক্টৰেট সন্মান প্ৰদান কৰা এগৰাকী বিশিষ্ট ব্যক্তিৰ নামৰ উপাধি ভুল কৰি এইবাৰ বিতৰ্কৰ মাজলৈ আহিছে অসম বিশ্ববিদ্যালয়।
জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থাক প্ৰদান কৰা সন্মানীয় ডক্টৰেট ডিগ্ৰীৰ স্মাৰকত তেওঁৰ উপাধিটো ভুলকৈ লিখি বিতৰ্কত সোমাই পৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। ইয়াকেলৈ সচেতন মহলে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তীব্ৰ ভাষাৰে সমালোচনা কৰা হৈছে অসম বিশ্ববিদ্যালয় কৰ্তৃপক্ষক।
এইখিনিতে উল্লেখ্য কৰা প্ৰয়োজন যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইবছৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙ আৰু সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী ড০ দিগন্ত বিশ্ব শৰ্মাৰ লগতে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল। ১৩ চেপ্তেম্বৰত বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ডিগ্ৰী প্ৰদান কৰাৰ কথা আছিল যদিও অসুস্থতাৰ বাবে সিদিনা সমাৱৰ্তন অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল কবীন্দ্ৰ পুৰকায়স্থ।
সেয়ে শিলচৰস্থিত নিজ বাসভৱনতে শুক্ৰবাৰে ডক্টৰেট সন্মান প্ৰদান কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। গাম্ভীৰ্যপূৰ্ণ তথা বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত এই সন্মান প্ৰদান কৰে অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছাৰ ৰাজীব মোহন পন্টে।
কিন্তু কবীন্দ্ৰ পুৰকায়স্থক প্ৰদান কৰা স্মাৰকত তেওঁৰ উপাধিটো ভুলকৈ লিখা হয়। ইংৰাজীত সন্মানপ্ৰাপকৰ উপাধি পুৰকায়স্থ (PURKAYASTHA) যদিও স্মাৰকত পুকায়স্থ (PUKAYASTHA) বুলি লিখা হৈছে । অৰ্থাৎ 'ৰ' উচ্চাৰণৰ বাবে ইংৰাজী বৰ্ণ 'R' আখৰটো লিখা নহ'ল।
ইফালে, সামাজিক মাধ্যম আৰু শিলচৰৰ স্থানীয় সংবাদ মাধ্যমত বিষয়টোৰ সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ পিচত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে পৰীক্ষা নিয়ন্ত্ৰকক ইয়াৰ বাবে কৈফিয়ৎ তলব কৰা বুলি জানিব পৰা গৈছে।
Also Read: চিলাপথাৰত জনগোষ্ঠীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ...