অমৃত বৃক্ষ আন্দোলন : শিলচৰত ৫৭৫ টা গছপুলি ৰোপণ

অমৃত বৃক্ষ আন্দোলন : শিলচৰত ৫৭৫ টা গছপুলি ৰোপণ

author-image
Asomiya Pratidin
New Update
অমৃত বৃক্ষ আন্দোলন : শিলচৰত  ৫৭৫ টা গছপুলি ৰোপণ

ডিজিটেল সংবাদ শিলচৰ : অমৃত বৃক্ষ আন্দোলন ২০২৪ৰ অধীনত এইবাৰ অসমত ৩কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও 'মাৰ নামত এটা গছপুলি' ৰোপণ কৰিবলৈ দেশবাসীক আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ এই অমৃত বৃক্ষ আন্দোলনৰ প্ৰতি সহাঁৰি জনাই দেওবাৰে শিলচৰতো গছপুলি ৰোপণ কৰা হয়। শিলচৰৰ বিধায়ক দিপায়ণ চক্ৰৱৰ্তীৰ নেতৃত্বত ৰামনগৰ পাইপাচ পথত দেওবাৰে ৫৭৫ টি গছপুলি ৰোপন কৰা হয় বুলি জনায়।

কাছাৰ জিলা বিজেপিৰ লগতে বিভিন্ন বে-চৰকাৰী সংস্থা , দল‌- সংগঠনে এই গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহন কৰে। জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয় আৰু শিলচৰ বিজেপিৰ চাৰিটা মণ্ডলৰ কাৰ্যকৰ্তা সকলেও এই গছপুলি ৰোপণ কাৰ্যসূচীত অংশ লৈ পুলি ৰোপণ কৰে।

শিলচৰ ৰামনগৰ বাইপাচক সেউজকৰণ কৰাৰ লক্ষেৰে এই ৫৭৫ টি গছপুলি ৰোপন কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে বিধায়ক দিপায়ণ চক্ৰৱৰ্তীয়ে। তেওঁ আৰু কয়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ২০২৩ চনতে এক কোটি গছপুলি ৰোপনেৰে আৰম্ভ হৈছিল এই অমৃত বৃক্ষ আন্দোলন। সেই সময়ত শিলচৰৰ তদানীন্তন সাংসদ ডা০ ৰাজদীপ ৰয় আৰু জিলা বিজেপি সভাপতি বিমলেন্দু ৰয়ৰ উপস্থিতিত ৰামনগৰ বাইপাচত ১হাজাৰ গছপুলি ৰোপন কৰা হৈছিল।

এই বছৰ মুখ্যমন্ত্ৰীয় অসমত তিনি কোটি গছপুলি ৰোপনৰ পদক্ষেপ গ্ৰহন কৰিছে। ইয়াৰে অংশ হিচাপে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শিলচৰত ৫৭৫ টা গছপুলি ৰোপন কৰা হয়। তদুপৰি "মাৰ নামত এটি গছপুলি" ৰোপন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই এই গছপুলি ৰোপন কৰা হয় বুলি বিধায়কগৰাকীয়ে কয়।

Also Read: জাজৰিত অঘটন : চোকা অস্ত্ৰৰে শিশুক আক্ৰমণ উদণ্ড যুৱকৰ...

Silchar Amrit Briksha Andolan