শিলচৰত বাঙালী পৰিষদ,অসমৰ কাছাৰ জিলা সমিতিৰ কাৰ্যবাহী সভা অনুষ্ঠিত

শিলচৰত বাঙালী পৰিষদ,অসমৰ কাছাৰ জিলা সমিতিৰ কাৰ্যবাহী সভা অনুষ্ঠিত
Published on
Updated on

ডিজিটেল সংবাদ,শিলচৰ: কেন্দ্ৰ আৰু ৰাজ্যত ক্ষমতা দখল কৰা বিজেপিক হিয়া উজাৰি ভোট দিয়াৰ পিচতো অসমত বসবাস কৰা প্ৰায় ৮০ লাখ হিন্দু বাঙালী লোকক প্ৰতাৰনা কৰি আহিছে বিজেপি চৰকাৰে। NRC ৰ নামত চাৰে চৈধ্য লাখ বাঙালি লোকৰ নাম কৰ্তন কৰাৰ লগতে আধাৰ কাৰ্ডৰ পৰা ২২ লাখ হিন্দু বাঙালি লোকক বঞ্চিত কৰা হৈছে। আনকি মাটিৰ পট্টা লাভৰ পৰাও‌ বঞ্চিত কৰা হৈছে ৰাজ্যৰ হিন্দু বাঙালি সকলক। চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ বাঙালি পৰিষদ,অসমৰ।

দেওবাৰে শিলচৰত অনুষ্ঠিত বাঙালি পৰিষদ,অসমৰ কাছাৰ জিলা সমিতিৰ কাৰ্যবাহী সভাত এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে হিন্দু বাঙালি পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব। বাংলাদেশৰ পৰা নিৰ্যাতিত হৈ অহা হিন্দু বাঙালি সকলক নাগৰিকত্ব আৰু মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দি ক্ষমতাত বহা বিজেপি চৰকাৰে বাস্তৱত এটা কামো নকৰিলে বুলি অভিযোগ কৰে বাঙালি পৰিষদে।

বিজেপিয়ে দিয়া এই প্ৰতিশ্ৰুতি সমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ পৰিষদে চৰকাৰৰ ওচৰত দাবী জনায়। অন্যথা ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে বিকল্প চিন্তা কৰিব বুলিও সকিয়নী দিয়ে পৰিষদৰ নেতৃবৰ্গই। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হেমাংগ শেখৰ দাসে চৰকাৰক এই সকীয়নি প্ৰদান কৰে। লগতে সোঁৱৰাই দিয়ে যে হিন্দু বাঙালী সকলে ভোট নিদিলে বিজেপিয়ে অসমত ১০টা বিধান সভা সমষ্টি হেৰুৱাব লাগিব।

ইফালে, বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বাঙালি সকলৰ সমস্যা একেই বুলি মন্তব্য কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শান্তনু চেনেগালে। তেওঁৰ মতে, বাঙালি সকলৰ প্ৰধান সমস্যা ডি ভোটাৰ,মাটিৰ পট্টা আৰু আধাৰ কাৰ্ড। এই সমস্যা সমূহ শীঘ্ৰে সমাধান কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায়।

উল্লেখ্য যে ৰাজ্যৰ হিন্দু বাঙালি সকলৰ এই জলন্ত সমস্যা সমূহ সমাধানৰ উদ্দেশ্যে অহা নৱেম্বৰত বৰাকত এক বিশাল অধিবেশনৰ আয়োজন কৰা হব বুলিও সদৰি কৰে শান্তনু চেনেগালে। আজিৰ সভাত ষষ্ঠ অনুসূচী সহ বিভিন্ন বিষয়ৰ ওপৰতো আলোচনা কৰা হয়।

শিলচৰত বাঙালী পৰিষদ,অসমৰ কাছাৰ জিলা সমিতিৰ কাৰ্যবাহী সভা অনুষ্ঠিত
অসম চৰকাৰৰ বান প্ৰস্তুতিৰ মূল্যাংক সূচীত মৰিগাঁৱৰ শীৰ্ষ স্থান দখল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in