ডিজিটেল ডেস্কঃ উৎসৱৰ বতৰত যুৱতী, মহিলা দেখিলেই ৰোমিঅ' হৈ পৰা যুৱকসকল সাৱধান। কিবা হেৰফেৰ কৰিলেই বিপদ নিশ্চিত। দুৰ্গা পূজাৰ সময়ত বৃদ্ধি পোৱা ৰোমিঅ'সকলক নিয়ন্ত্ৰণ কৰিবলৈ গঠন কৰা হৈছে এণ্টি ৰোমিঅ' স্কোৱাড।
উল্লেখ্য যে, শিলচৰ আৰক্ষীয়ে গঠন কৰিছে এই এণ্টি ৰোমিঅ' স্কোৱাড। যুৱতী, মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু উদণ্ড যুৱকক নিয়ন্ত্ৰণ কৰিবলৈ গঠন কৰা হৈছে এই এণ্টি ৰোমিঅ' স্কোৱাড।
দুৰ্গা পূজাৰ মাদকতা লাভ কৰাৰ ক্ষেত্ৰত যাতে কোনো অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সজাগ, সচেতন হৈ আছে কাছাৰ জিলা আৰক্ষী। জিলাখনত দুৰ্গা পূজা শান্তিৰে অনুষ্ঠিত কৰাৰ বাবে জিলা আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত গঠন কৰা হৈছে এই এণ্টি ৰোমিঅ' স্কোৱাড।
এই স্কোৱাডে পূজাৰ সময়ছোৱাত শিশু, মহিলাসহ যুৱতীসকলৰ সুৰক্ষাৰ বাবে গঠন কৰা এই স্কোৱাডত মহিলা, পুৰুষ আৰক্ষী সকলোকে লৈ গঠন কৰা হৈছে। স্কোৱাডত আছে মহিলা আৰক্ষী বাইকাৰ্ছো। তেওঁলোকে সকলো প্ৰান্ততে নিৰন্তৰ সকলো দিশ চোৱাচিতা কৰিব।
মন কৰিবলগীয়া যে, দুৰ্গোৎসৱৰ সময়ছোৱাত সমগ্ৰ শিলচৰ চহৰ জনসমুদ্ৰত পৰিণত হয়। ফলত শিশুসহ মহিলাসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। জনসমাগমৰ ভিৰত বিশেষকৈ চহৰৰ বিভিন্ন প্ৰান্তত বাইকেৰে ঘূৰি ফুৰা একাংশ উদণ্ড যুৱকে মহিলা আৰু যুৱতীসকলৰ সৈতে অশ্লীল আচৰণত লিপ্ত হয় ৷
এই উদণ্ড ৰোমিঅ' সকলক নাকি লগোৱাৰ বাবেই এই এণ্টি ৰোমিঅ’ স্কোৱাড গঠন কৰা হৈছে। কাছাৰৰ আৰক্ষী অধীক্ষকে এই সন্দৰ্ভত কয়, দুৰ্গোৎসৱত শান্তি শৃংখলা বজাই ৰখাৰ বাবে এণ্টি ৰোমিঅ’ স্কোৱাড নামৰ আৰক্ষীৰ এই বিশেষ বাহিনী গঠন কৰা হৈছে।
পূজাৰ দিন কেইটাত আৰক্ষীৰ এই বিশেষ বাহিনীয়ে চহৰৰ প্ৰতিটো প্ৰান্তত টহল দিব যাতে কোনো উদণ্ড ৰোমিঅ'ই যুৱতী আৰু মহিলাৰ লগত 'ইভটিজিং'ৰ ঘটনা সংঘটিত কৰিব নোৱাৰে। সেয়ে পূজাৰ সময়চোৱাত উদণ্ড ৰোমিঅ'ক সাৱধান হোৱাৰো সাৱধানবাণী আৰক্ষী অধীক্ষক নোমাল মাহাত্তৰ।
এণ্টি ৰোমিঅ’ স্কোৱাডক যোৱা ১৫ দিনে বিশেষ প্ৰশিক্ষণ দিয়া হৈছে। যোৱা বছৰো পূজাৰ সময়ত কাছাৰ আৰক্ষীয়ে গঠন কৰিছিল এই এণ্টি ৰোমিঅ’ স্কোৱাড ৷
Also Read: দক্ষিণ শালমাৰা-মানকাচৰৰ ৩৪ খন পূজা সমিতিলৈ চৰকাৰী অনুদানৰ চেক বিতৰণ