অসমৰ শ্ৰমিকে কাম কৰিব নোৱাৰিব মেঘালয়তঃ খাচি ছাত্ৰ সন্থাৰ ফটোৱা জাৰি

বৰাকৰ বঙালীক মেঘালয়ত প্ৰৱেশ কৰাত বাধা, শাৰীৰিক নিৰ্যাতনৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
অসমৰ শ্ৰমিকে কাম কৰিব নোৱাৰিব মেঘালয়তঃ খাচি ছাত্ৰ সন্থাৰ ফটোৱা জাৰি

অসমৰ শ্ৰমিকে কাম কৰিব নোৱাৰিব মেঘালয়তঃ খাচি ছাত্ৰ সন্থাৰ ফটোৱা জাৰি

ডিজিটেল সংবাদ শিলচৰ: মেঘালয়ত কাম কৰিবলৈ হ’লে শ্ৰমিকসকলৰ হাতত মেঘালয়ৰ ‘লেবাৰ কাৰ্ড’ সহ সেই ৰাজ্যৰ অন্যান্য প্ৰয়োজনীয় নথি-পত্ৰ থাকিব লাগিব। অসমত বসবাস কৰা ভোটাৰ পৰিচয় পত্ৰ, আধাৰকাৰ্ড আদি নথি-পত্ৰ লৈ‌ কোনেও মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰিব। মেঘালয় চৰকাৰে জাৰি কৰা নথি-পত্ৰ অবিহনে আন ৰাজ্যৰ কোনো লোকে মেঘালয়ত কাম কৰিব নোৱাৰিব।‌

সম্প্ৰতি এই ফটোৱা জাৰি কৰিছে মেঘালয়ৰ এটা খাচি ছাত্ৰ সংগঠনে। যোৱা দুদিন ধৰি বৰাক উপত্যকাৰ‌ পৰা বিভিন্ন কামৰ সন্ধানত‌ মেঘালয়লৈ যোৱা শ শ শ্ৰমিকক কাছাৰ সীমান্তৱৰ্তী ৰাতাচেৰাৰ পৰা উভতাই পঠাইছে মেঘালয়ৰ এই ছাত্ৰ সংগঠনটোৱে।‌

আনকি মেঘালয় আৰক্ষীয়েও বৰাকৰ শ্ৰমিকসকলৰ নথি পত্ৰ তন্ন তন্ন পৰীক্ষা কৰি উভতাই পঠিওৱাৰ অভিযোগ উঠিছে।‌ বৰাকৰ তিনিখন জিলাৰ পৰা শ্ৰমিক কঢ়িয়াই নিয়া কেইবাখনো বাহন সোমবাৰ আৰু মঙলবাৰে‌ ৰাতাচেৰাৰ পৰা উভতাই পঠিয়াই দিয়ে।‌

নথিপত্ৰ তালাচী কৰাৰ সময়ত বৰাকৰ বাঙালী শ্ৰমিকসকলক শাৰীৰিকভাবে হাৰাশাস্তি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইফালে, এই ঘটনাৰ পিচত প্ৰতিবাদ‌ মুখৰ হৈ পৰিছে বৰাকৰ শ্ৰমিক আৰু গাড়ী চালকসকল।

শ্ৰমিকসকলক উভতাই পঠিওৱাৰ পিচত প্ৰতিবাদত মঙলবাৰ মেঘালয়লৈ যাব লগা যাত্ৰী, গাড়ী চালক আৰু শ্ৰমিকসকলে কালাইন বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে। নিশাৰ‌ ভাগত শ্ৰমিকসকলক গাড়ীৰ‌পৰা নমাই হাৰাশাস্তি কৰা হয় বুলি অভিযোগ শ্ৰমিকসকলৰ।‌

আধাৰ কাৰ্ড, পান কাৰ্ড,ভোটাৰ আইডি আদি নথি দেখুওৱাৰ‌ পিচতো বৰাকৰ শ্ৰমিকসকলক মেঘালয়ত প্ৰৱেশত বাধা দিয়া বুলি খাচি ছাত্ৰ সংগঠন আৰু মেঘালয় আৰক্ষীৰ বিৰুদ্ধে অভিযোগ কৰে এই শ্ৰমিকসকলে।‌ শিঘ্ৰে এই ফটোৱা প্ৰত্যাহাৰ নকৰিলে ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ লগতে মেঘালয়ৰ পৰা বৰাক উপত্যকাত প্ৰৱেশ কৰা সকলো যান বাহন বন্ধ কৰি দিয়া হ'ব বুলিও হুংকাৰ‌ দিছে শ্ৰমিক আৰু বৰাকৰ বিভিন্ন দল সংগঠনে।

Also Read: নাগালেণ্ড বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মেঘালয় বৰাক উপত্যকা