বিএছএফ আৰু আৰক্ষীৰ অভিযানত কাটিগড়াত নিচাযুক্ত টেবলেট জব্দ, এজনক আটক

বিএছএফ আৰু আৰক্ষীৰ অভিযানত কাটিগড়াত নিচাযুক্ত টেবলেট জব্দ, এজনক আটক
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিএছএফে। বিএছ এফৰ মিজোৰাম- কাছাৰ ফ্ৰন্টিয়াৰৰ এটা দলে কাটিগৰা আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই দেওবাৰে বুজন পৰিমাণৰ নিচাজাতীয় "য়াবা" টেৱলেট জব্দ কৰে।

গোপন তথ্যৰ ভিত্তিত কাটিগড়া এলেকাৰ ড্ৰাগছ ব্যৱসায়ী মুস্তাফ আহমেদৰ বাসগৃহত অতৰ্কিতে অভিযান চলাই বিএছএফ আৰু কাটিগৰা আৰক্ষীয়ে।‌ অভিযান কালত মুস্তাফ আহমেদৰ ঘৰৰ পৰা জব্দ কৰা হৈছে প্ৰায় ২০ হাজাৰ "য়াবা" টেবলেট ৷

কেবাটাও পেকেটত লুকাই ৰখা অৱস্থাত টেবলেট খিনি জব্দ কৰা হয়। ইফালে, আৰক্ষী আৰু বিএছএফ অহাৰ উমান পাই ঘৰটোৰ পৰা পলায়নৰ চেষ্টা কৰে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী মুস্তাফ আৰু আন দুজন ড্ৰাগছ ব্যৱসায়ী।

কিন্তু অভিযানকাৰী দলটোৱে খেদি খেদি মুস্তাফক আটক কৰিবলৈ সক্ষম হয় যদিও পলাই যাবলৈ সক্ষম হয় আন দুজন ব্যৱসায়ী। মুস্তাফক আটক কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যবহৃত এখন বাইকো জব্দ কৰে আৰক্ষীয়ে।

জব্দকৃত নিচাজীয় সামগ্ৰীখিনিৰ মূল্য কেইবা লাখ টকা হ'ব বুলি সদৰী কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত কাটিগৰা থানাত এটি গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। লগতে টেৱলেটসমূহ ক'ৰ পৰা সৰবৰাহ কৰা হৈছে আৰু কাৰ ওচৰত বিক্ৰীৰ বাবে মজুত কৰা হৈছিল, তাৰ বিতং তথ্য উদ্ঘাটনৰ বাবে ধৃত মুস্তাফা আহমেদক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

বিএছএফ আৰু আৰক্ষীৰ অভিযানত কাটিগড়াত নিচাযুক্ত টেবলেট জব্দ, এজনক আটক
টিহুত যোগাসন প্ৰতিযোগিতা সমাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in