গণৰাজ্য দিৱস উপলক্ষে ভাৰত- বাংলাদেশ সীমান্ত বি জি বিক মিঠাই প্ৰদান বি এছ এফৰ

গণৰাজ্য দিৱস উপলক্ষে ভাৰত- বাংলাদেশ সীমান্ত বি জি বিক মিঠাই প্ৰদান বি এছ এফৰ
Published on
Updated on

ডিজিটেল সংবাদ শিলচৰ : দুখন দেশৰ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীয়ে প্ৰতি মুহূৰ্ততে পৰস্পৰে পৰস্পৰক শত্ৰু জ্ঞান কৰে। ৰখা হয় কঢ়া নজৰ। কিন্তু ইয়াৰ পিছতো দুয়োখন দেশৰ সীমান্তৰক্ষীৰ মাজত মাজে সময়ে দেখা যায় বন্ধুত্ব।

শুক্ৰবাৰে এনে মধুৰ সম্পৰ্ক পৰিলক্ষিত হৈছে ভাৰত- বাংলাদেশ সীমান্তত নিয়োজিত ভাৰতৰ বি এছ এফ আৰু ব'ৰ্ডাৰ গাৰ্ড অফ বাংলাদেশ চমুকৈ বিজিবিৰ মাজত।

প্ৰতি বছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱস উপলক্ষে বিএছএফে মিঠাই প্ৰদান কৰে বাংলাদেশৰ বিজিবিৰ হাতত। শুক্ৰবাৰে ভাৰত- বাংলাদেশ সীমান্তৰ বিভিন্ন স্থানত বিজিবিৰ হাতত বিএছএফে মিঠাই প্ৰদান কৰি ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ সৈতে শুভেচ্ছা বিনিময় কৰে।

উল্লেখ্য যে ১৫ আগষ্ট স্বাধীনতা দিৱস আৰু ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ দিনা এইদৰে বিএছএফে বিজিবিক মিঠাই প্ৰদান কৰাৰ বিপৰীতে বিজিবিয়েও বাংলাদেশৰ‌ স্বাধীনতা দিৱসৰ দিনা বিএছএফক মিঠাই প্ৰদান কৰে।

গণৰাজ্য দিৱস উপলক্ষে ভাৰত- বাংলাদেশ সীমান্ত বি জি বিক মিঠাই প্ৰদান বি এছ এফৰ
নাৰায়ণপুৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in