বাংলাদেশলৈ সৰবৰাহৰ সময়তে ৬৯ টা চোৰাং গৰু জব্দঃ ৬ জনক গ্ৰেপ্তাৰ...

মেঘালয় আৰক্ষী আৰু বি এছ এফৰ যুটীয়া অভিযান
বাংলাদেশলৈ সৰবৰাহৰ সময়তে ৬৯ টা চোৰাং গৰু জব্দঃ ৬ জনক গ্ৰেপ্তাৰ...
বাংলাদেশলৈ সৰবৰাহৰ সময়তে ৬৯ টা চোৰাং গৰু জব্দঃ ৬ জনক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল সংবাদ শিলচৰঃ গোপনে বাংলাদেশলৈ সৰবৰাহৰ সময়ত চুবুৰীয়া ৰাজ্য মেঘালয়ত ৬৯ টা চোৰাং গৰু উদ্ধাৰ কৰে বিএছ এফ আৰু মেঘালয় আৰক্ষীয়ে। মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ ভাৰত -বাংলাদেশ সীমান্তৰ ডালু গাঁৱ এলেকাৰ পৰা বুধবাৰে জব্দ কৰা হয় চোৰাং গৰু কেইটা।

চাৰিখন বাহনত সৰবৰাহৰ সময়ত পশুধনসমূহ জব্দ কৰাৰ লগতে গৰু সৰবৰাহৰ অভিযোগত ৬ জন ভাৰতীয় চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে। বি এছ এফৰ মেঘালয় ফ্ৰন্টিয়াৰৰ এক শীৰ্ষ সূত্ৰই সদৰী কৰা মতে, গোপন তথ্যৰ ভিত্তিত মেঘালয় আৰক্ষীৰ সৈতে বি এছ এফৰ ১০০ নম্বৰ বেটেলিয়নৰ দল এটাই গাৰো পাহাৰ জিলাৰ বাংলাদেশ সীমান্তৱৰ্তী ডালু গাঁৱ এলেকাত যুটীয়া অভিযান চলাই জব্দ কৰে গৰু কেইটা।

চাৰিখন বাহনত গৰু কেইটা ভৰ্তি কৰি গোপনে বাংলাদেশলৈ সৰবৰাৰহৰ চেষ্টা চলাইছিল চোৰাং ব্যৱসায়ীয়ে। গোপনে এই খবৰ লাভ কৰাৰ পিচতে আৰক্ষীৰ সৈতে অভিযান চলাই গৰু কেইটা জব্দ কৰা হয়।

গৰুৰ লগতে গৰু সৰবৰাহ কৰা বাহন চাৰিখন আৰু ছয় জন সৰবৰাহকাৰীকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। জব্দ কৰা গৰু কেইটাৰ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।‌ জব্দ কৰা গৰু কেইটা পিচত স্থানীয় ডালু আৰক্ষীক গতাই দিয়া হয়।

বাংলাদেশলৈ সৰবৰাহৰ সময়তে ৬৯ টা চোৰাং গৰু জব্দঃ ৬ জনক গ্ৰেপ্তাৰ...
পেৰিছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাঃ ৪ আগষ্টত পৰৱৰ্তী মেচ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in