শিশু কন্যাক শাৰীৰিক নিৰ্যাতনৰ গোচৰ : অভিযুক্তক ২০ বছৰৰ কাৰাদণ্ড...

শিশু কন্যাক শাৰীৰিক নিৰ্যাতনৰ গোচৰ : অভিযুক্তক ২০ বছৰৰ কাৰাদণ্ড...
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ : এগৰাকী সাত বছৰীয়া শিশু কন্যাক ধৰ্ষণ কৰা গোচৰত গুৰুত্বপূৰ্ণ ৰায় দিয়ে কাছাৰ আদালতে । কন্যা শিশুটিক ফুচলাই নি বলপূর্বকভাৱে ধৰ্ষণ কৰাৰ অপৰাধত ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ড ঘোষণা কৰে কাছাৰৰ বিশেষ ন্যায়াধীশ (পস্কো) নাৰায়ণ কুৰীৰ আদালতে। উক্ত ঘটনাৰে অভিযুক্তজনৰ নাম হৈছে-বিপুল সৰকাৰ। বিপুল সৰকাৰৰ ঘৰ শিলচৰৰ নতুন কাঞ্চনপুৰত।

উল্লেখ্য যে ২০১৯ চনৰ ২৭ আগষ্টৰ নিশা শিলচৰ নেচনেল হাইৱে এলেকাৰ এটা ভাৰাঘৰত সংঘটিত হৈছিল এই জঘন্য ধৰ্ষণ কাণ্ড। শিশু কন্যাৰ পৰিয়াল থকা ভাৰাঘৰৰ কাষতে এটি পৰিয়ালৰ ঘৰত ঘৰ নিৰ্মাণৰ বাবে সিদিনা নিশা ঢালাইৰ কাম চলিছিল। টেন্ট হাউচত কৰ্মৰত বিপুলে লাইটৰ ব্যৱস্থা কৰিবলৈ গৈছিল সেই ঘৰটোলৈ।

এনে সময়তে কাষৰ ভাড়াঘৰত শিশু কন্যাটিক দেখি তেওঁৰ পাশৱিক কামনাৰ বলি হৈছিল শিশুটি। টকা আৰু চকলেট দিয়াৰ লোভ দেখুৱাই শিশু কন্যাটিক ওচৰৰ এক অন্ধকাৰ স্থানলৈ লৈ গৈ এই জঘন্য কাণ্ড সংঘটিত কৰিছিল লম্পট যুৱকজনে।

ৰক্তাক্ত অৱস্থাত ঘটনাস্থলীত শিশুটিক পেলাই থৈ তাৰপৰা পলায়ন কৰিছিল লম্পটজনে। পিচদিনা শিশুটিৰ পৰিয়ালে শিলচৰ সদৰ থানাত ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাইছিল।

ইয়াৰ পাছত আৰক্ষীৰ তদন্তৰ শেষত আদালতত বিচাৰ চলিছিল। অৱশেষত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিচত বিপুল‌‌ সৰকাৰক দোষী সাৱস্ত কৰি বৃহস্পতিবাৰে ২০ বছৰৰ কাৰাদণ্ড ৰায় ঘোষণা কৰে আদালতে ।

ধৰ্ষণকাৰীক POCSO আইনৰ ৬ নং ধাৰাত দোষী সাবস্ত কৰি ২০ বছৰৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকা জৰিমনা বিহে আদালতে । ইয়াৰোপৰি, ভাৰতীয় দণ্ডবিধিৰ ৫০৬ নম্বৰ ধাৰাত বিপুল সৰকাৰক ২ বছৰৰ কাৰাদণ্ডৰ লগতে ৫ হাজাৰ টকা জৰিমনা বিহে আদালতে।

শিশু কন্যাক শাৰীৰিক নিৰ্যাতনৰ গোচৰ : অভিযুক্তক ২০ বছৰৰ কাৰাদণ্ড...
আজি জয়ন্ত হাজৰিকাৰ ওপজা দিন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in