বৰাকবাসীক ভুৱা প্ৰতিশ্ৰুতি দিয়া বুলি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছৰ

পৰিমল শুক্লবৈদ্য সাংসদ হিচাপে এতিয়ালৈকে কিয় বৰাকৰ এজনকো মন্ত্ৰীত্ব নাই দিয়া বুলিও প্ৰশ্ন
বৰাকবাসীক ভুৱা প্ৰতিশ্ৰুতি দিয়া বুলি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছৰ
বৰাকবাসীক ভুৱা প্ৰতিশ্ৰুতি দিয়া বুলি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছৰ
Published on
Updated on

ডিজিটেল সংবাদ শিলচৰ: সম্প্ৰতি বৰাক উপত্যকাত বাহৰ পাতি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰাকৰ উন্নয়নৰ বাবে বিভিন্ন স্থানত দিয়া প্ৰতিশ্ৰুতিসমূহক ভুৱা প্ৰতিশ্ৰুতি বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে শিলচৰ কংগ্ৰেছে। নিৰ্বাচন আহিলেই মুখ্যমন্ত্ৰীয়ে কেৱল এটাৰ পিছত আন এটা প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু বাস্তৱত এটা প্ৰতিশ্ৰুতিও পালন নকৰে মুখ্যমন্ত্ৰীয়ে।

দুবছৰ পূৰ্বে শিলচৰত অনুষ্ঠিত কেবিনেটত শিলচৰ চহৰত দুখন ফ্লাই অভাৰ, শিববাৰী ৰোডত এলিভেটেট কৰিড'ৰসহ বিভিন্ন প্ৰকল্প স্থাপনৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই। কিন্তু আজিলৈ এখনো ফ্লাই অভাৰ স্থাপন নহ'ল বুলি কংগ্ৰেছে তীব্ৰ সমালোছনা কৰে মুখ্যমন্ত্ৰীগৰাকীক।

শুকুৰবাৰে শিলচৰ কংগ্ৰেছ কাৰ্যলয়ত আয়োজিত এক সংবাদ মেলত জিলা কংগ্ৰেছৰ সভাপতি অভিজিত পালে অভিযোগ কৰি কয় ,দুদিন পূৰ্বে কেবিনেটত লোৱা সিদ্ধান্ত মৰ্মে ৰাজ্যৰ প্ৰতিটো বিধান সভা সমষ্টিত ১০ হাজাৰকৈ মহিলাক অৰুণোদয় প্ৰদান কৰা হ'ব। কিন্তু আসন্ন ধলাই উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে ধলাই সমষ্টিত ১৫ হাজাৰ অৰুণোদয় প্ৰদান কৰিব বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছে।এয়া উপ-নিৰ্বাচনৰ বাবে ধলাইবাসীক ললিপপ দি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ৰাজনীতি।

ইফালে, বৃহস্পতিবাৰে ধলাই সমষ্টিৰ বৰ জালেংগাত ভূমিপূজণ আৰু আধাৰ শিলা স্থাপন কৰা মডেল ডিগ্ৰী কলেজখন বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীৰ পৰা ভাৰ্ছুৱেলী আধাৰশিলা স্থাপন কৰা বুলিও গুৰুতৰ অভিযোগ অভিজিত পালৰ।

মুখ্যমন্ত্ৰীয়ে বৰাকবাসীক সদায় বৈষম্য কৰি অহা বুলি অভিযোগ কৰি অভিজিত পালে কয় যে, পৰিমল শুক্লবৈদ্য সাংসদ নিৰ্বাচিত হোৱাৰ পিছত বৰাকৰ পৰা এজন নতুন মন্ত্ৰী নিযুক্তি দিয়া হ'ব বুলি সদম্ভে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু আজিলৈ বৰাকৰ এজন বিধায়কত মন্ত্ৰীত্ব দিয়া নহ'ল।

বৰাকবাসীক ভুৱা প্ৰতিশ্ৰুতি দিয়া বুলি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছৰ
যৌন নিৰ্যাতনকাৰীৰ ফাঁচীৰ দাবীৰে ধেমাজিত লেখিকা সমাৰোহ সমিতিৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in