কৰিমগঞ্জৰ চুৰাইবাৰীত ১২,৫০০ বটল কফ চিৰাফ জব্দ

কৰিমগঞ্জৰ চুৰাইবাৰীত ১২,৫০০ বটল  কফ চিৰাফ জব্দ
Published on
Updated on

ডিজিটৈল সংবাদ, শিলচৰ: নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে দেওবাৰে বুজন পৰিমাণৰ নিচাজাতীয় ফেঞ্চিডাইল কফ চিৰাফ জব্দ কৰে।‌ কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত এখন ট্ৰাকৰ পৰা জব্দ হৈছে কফ ছিৰাপখিনি ।

ত্ৰিপুৰালৈ গৈ থকা অৱস্থাত এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে ১২,৫০০ বটল কোডিন ফছফেট্ জাতীয় ফেন্চিডাইল কফ চিৰাফ। RJ 04 GB- 3615 নম্বৰৰ ট্ৰাক খনত তালাচী চলাই গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় নিষিদ্ধ কোডিন ফছফেট্ জাতীয় কফ চিৰাফখিনি।

ট্ৰাক খনত পৰিবহন কৰা বিভিন্ন সামগ্ৰীৰ তলত গোপন চেম্বাৰ সাজি লুকাই অনা হৈছিল বুজণ পৰিমাণৰ নিচাজাতীয় কফ ছিৰাপ খিনি।জব্দকৃত কফ ছিৰাপৰ মূল্য চোৰাং বজাৰত প্ৰায় ৫০ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে।

কফ ছিৰাপ সৰবৰাহৰ অভিযোগত ট্ৰাক চালক জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত চালক জনৰ‌ নাম ছেনাৰাম । তেওঁৰ ঘৰ ৰাজস্থানত ।‌ কফ ছিৰাপ খিনি ক'ৰপৰা ক'লৈ নিয়াৰ‌ পৰিকল্পনা কৰা হৈছিল, ইয়াৰ বিতং তথ্য উৎঘাটন কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।

কৰিমগঞ্জৰ চুৰাইবাৰীত ১২,৫০০ বটল  কফ চিৰাফ জব্দ
বিশ্বকাপ, কুঁহি আৰু আমি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in