উন্নয়নৰ নমুনাঃ বাঁহৰ সাকো, নাৱেই যাতায়তৰ একমাত্ৰ ভৰষা...

স্বাধীনতাৰ ৭৭ বছৰ পিছতো উন্নয়নৰ মুখ দেখা নাই কাছাৰৰ বৰখলাৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে
উন্নয়নৰ নমুনাঃ বাঁহৰ সাকো, নাৱেই যাতায়তৰ একমাত্ৰ ভৰষা...
উন্নয়নৰ নমুনাঃ বাঁহৰ সাকো, নাৱেই যাতায়তৰ একমাত্ৰ ভৰষা...
Published on
Updated on

ডিজিটেল সংবাদ শিলচৰ: দেশ স্বাধীন হোৱাৰ ৭৭ বছৰ পিছতো এখন পকী দলঙৰ মুখ দেখা নাই এইখন অসমৰে এটা বৃহৎ অঞ্চলৰ ৰাইজে। পকী দলঙৰ অভাৱত বাৰিষা নাও আৰু খৰালি কালত বাহঁৰ সাকোৰে যাতায়ত কৰিব লগা হৈছে অঞ্চলটোৰ ৰাইজে।

বছৰৰ প্ৰায় সময় পানীৰ মাজত বন্দী হৈ থকা এই অঞ্চলৰ লোকৰ বাবে নাও আৰু নিজে নিৰ্মাণ কৰা বাহঁৰ সাকোই যাতায়তৰ একমাত্ৰ ভৰষা। 'চব কা চাথ, চবকা বিকাশ'ৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনতে বিকাশ আৰু উন্নয়ণৰ পৰা বঞ্চিত হৈছে কাছাৰ জিলাৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে।

যি সময়ত ঘৰে ঘৰে পাইপেৰে ৰন্ধন গেছ আৰু খোৱা পানী যোগান ধৰা হৈছে, সেই সময়ত এটুপি খোৱা পানী, যাতায়তৰ বাবে এটি পথ আৰু এখন পকী দলঙৰ মুখ দেখা নাই এই অঞ্চলৰ ৰাইজে।‌ উন্নয়ণৰ মুখ নেদেখা এইটো অঞ্চল আছে কাছাৰ জিলাৰ বৰখলা সমষ্টিত।

সমষ্টিটোৰ হাতীচৰা আৰু ছোটো দুধপাতিল গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভোলানাথপুৰ, হল্দিকুৰি আদি কেবাখনো গাৱৰ ৰাইজে এটি পথ আৰু এখন পকী দলঙ নোহোৱাৰ বাবে যুগ যুগ ধৰি যমৰ যাতনা ভোগ কৰিব লগা হৈছে।‌ চাৰিও ফালৰ পৰা পিচ পৰা এই অঞ্চলৰ সৰহ সংখ্যক লোকেই মৎসজীৱী।

গাওঁ কেইখনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিনে এই বিপদজনক বাহঁৰ সাকোৰে ভোলানাথপুৰ এল পি স্কুলসহ বিভিন্ন স্কুললৈ শিক্ষাগ্ৰহণ কৰিবলৈ অহাযোৱা কৰিব লগা হয়। হাতিচৰা আৰু ছোটো দুধপাতিল জিপি সংযোগকাৰী এই বাহৰ দলঙখনেই একমাত্ৰ যাতায়তৰ ভৰষা অঞ্চলবাসীৰ।

এই স্হানত এখন পকী দলঙ আৰু এটি পথ নিৰ্মাণ কৰিবলৈ স্হানীয় বিধায়ক মিছবাহুল ইছলাম লস্কৰ আৰু জিলা প্ৰশাসনক বাৰম্বাৰ আবেদন কৰাৰ পিছতো আজিলৈ ৰাইজৰ আবেদনৰ প্ৰতি কোনেও গুৰুত্ব নিদিলে। সেয়ে এইবাৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে অঞ্চলটোৰ ৰাইজ, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে।

উন্নয়নৰ নমুনাঃ বাঁহৰ সাকো, নাৱেই যাতায়তৰ একমাত্ৰ ভৰষা...
Indo China Border: অৰুণাচল সীমান্তত অধিক আগ্ৰাসী চীন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in