শিলচৰত কনিষ্ঠ চিকিৎসকে আক্রমণ কৰিলে ৰোগীৰ পৰিচাৰকক

গোলাঘাটত গাঞ্জা সৰবৰাহকাৰীয়ে আক্ৰমণ কৰিলে আৰক্ষীক...
গোলাঘাটত গাঞ্জা সৰবৰাহকাৰীয়ে আক্ৰমণ কৰিলে আৰক্ষীক...
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কনিষ্ঠ চিকিৎসকে আক্রমণ কৰে ৰোগীৰ পৰিচাৰকক। পৰিচাৰকজনৰ নাম বনৰাই ৰংমাই। সোমবাৰে নিশা চিকিৎসা কেন্দ্ৰৰ মেডিচিন ৱাৰ্ডত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনাৰ। বৰ্তমান বনৰাই ৰংমাই প্ৰহাৰৰ ফলত চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, বনৰাই ৰংমাইৰ এজন আত্মীয় চিকিৎসা বিভাগত চিকিৎসাধীন হৈ আছিল। সোমবাৰে নিশা তেওঁ আত্মীয়জনক চাবলৈ যাওতেই সংঘটিত হয় ঘটনাটো। যদিও বনৰাইৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পৰা নগ’ল, তথাপিও তেওঁৰ ঘনিষ্ঠ সূত্ৰই অভিযোগ কৰে যে, তেওঁ চিকিৎসাত কিছু অনিয়ম দেখা পাইছিল আৰু সেই বিষয়ে প্ৰশ্ন কৰিছিল। তাৰ পিছত কৰ্তব্যৰত এজন ইন্টাৰ্ণ ডাক্তৰে তেওঁৰ লগত বেয়া আচৰণ কৰে আৰু লগৰীয়াক মাতি মাৰপিট কৰে।

ঘটনাৰ কথা জনাৰ পিছত বানৰাইৰ আত্মীয় মানুহকেইজনমান শিলচৰ মেহেৰপুৰ নাগপুঞ্জীৰ পৰা চিকিৎসা কেন্দ্ৰলৈ ততাতৈয়াকৈ আহে আৰু উত্তেজনাৰ সৃষ্টি কৰে। তীব্ৰ উত্তেজনাৰ মাজতে পৰিস্থিতি সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়।

প্ৰহাৰৰ বাবে বনৰাইৰ নাক ভাঙি যোৱা বুলি কোৱা হয়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।ইফালে, জুনিয়ৰ ডাক্তৰ এছ’চিয়েশ্যন অৱ মেডিকেলৰ সভাপতি ডাঃ ছলমান চৌধুৰীক ঘটনা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ আক্ৰমণৰ কথা স্বীকাৰ কৰে যদিও বানৰাই ৰংমাইয়েই এই কাণ্ড আৰম্ভ কৰা বুলি প্রত্যুত্তৰ অভিযোগ উত্থাপন কৰে৷

বনৰাইৰ মতে, ইন্টাৰ্ণ ডাক্তৰজনে বনৰাইৰ আত্মীয়ৰ পৰীক্ষাৰ বাবে চিকিৎসাধীন ৰোগীজনৰ পৰা তেজ সংগ্ৰহ কৰি আছিল। বনৰাইয়ে ইয়াৰ ওপৰত প্ৰশ্ন আৰম্ভ কৰাত ইন্টাৰ্ণ ডাক্তৰে মনে মনে থাকিবলৈ কোৱাত তেওঁৰ খং উঠিল আৰু নিজৰ স্থিতিৰ বিষয়ে তৰ্ক কৰিবলৈ ধৰিলে আৰু ইন্টাৰ্ণ ডাক্তৰজনক ঠেলিবলৈ ধৰিলে। ডাঃ ছলমানে অভিযোগ কৰে যে, তেওঁ এবাৰ ইন্টাৰ্ণজনক চৰ মাৰিছিল। ঘটনাৰ খবৰ পাই আন কনিষ্ঠ চিকিৎসকে তাত উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতি তীব্ৰতৰ হৈ পৰে। সেই সময়ত এই যুঁজত বনৰাই আহত হৈছিল। ডাঃ চৌধুৰীয়ে লগতে কয় যে এই ঘটনাৰ পিছত আন চিকিৎসকে বন ৰায়ৰ স্বাস্থ্য পৰীক্ষা কৰি নিৰীক্ষণৰ বাবে চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in