কাছাৰৰ লক্ষীপুৰত নিষিদ্ধ দ্ৰব্যসহ এজনক গ্ৰেপ্তাৰ...

মণিপুৰৰ পৰা কাছাৰলৈ সৰবৰাহ কৰিছিল নিষিদ্ধ হেৰ'ইন
কাছাৰৰ লক্ষীপুৰত নিষিদ্ধ দ্ৰব্যসহ এজনক গ্ৰেপ্তাৰ...
কাছাৰৰ লক্ষীপুৰত নিষিদ্ধ দ্ৰব্যসহ এজনক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল সংবাদ শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে সোমবাৰে বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰ থানাৰ আৰক্ষীয়ে মাৰকুলিঙত এখন অটো ৰিক্সাত তালাচী চলাই জব্দ‌ কৰে ১৫ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ।

বাকচ কেইটাৰ পৰা ১৯৮.০১গ্ৰাম ওজনৰ সন্দেহ জনক হেৰ'ইন জব্দ কৰা হয়। আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, মণিপুৰৰ পৰা কাছাৰত প্ৰৱেশ কৰা AS11DC - 8510 নম্বৰৰ অটোৰিক্সাখনত তালাচী চলাই জব্দ কৰা হয় হেৰ'ইনখিনি।

জব্দ কৰা হেৰ'ইনখিনিৰ‌ ক'লা বজাৰত মূল্য প্ৰায় এক কোটি টকা। নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আব্দুল চাহিদ নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত আব্দুল চাহিদৰ ঘৰ কাছাৰৰ জিৰিঘাট থানাৰ অন্তৰ্গত লালপানী দ্বিতীয় খণ্ডত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

কাছাৰৰ লক্ষীপুৰত নিষিদ্ধ দ্ৰব্যসহ এজনক গ্ৰেপ্তাৰ...
ধৰ্মালোচনী সভাৰ পৰা ভৱেশ কলিতাৰ হুংকাৰ- 'লাভ জেহাদ কৰাসকল সাৱধান'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in