মণিপুৰত নিষিদ্ধ সংগঠনৰ পাঁচ উগ্ৰপন্থীসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

মণিপুৰত নিষিদ্ধ সংগঠনৰ পাঁচ উগ্ৰপন্থীসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ : অশান্ত জৰ্জৰ মণিপুৰত উগ্ৰপন্থী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে। থৌবাল আৰু কাকছিং জিলাত অভিযান চলাই নিষিদ্ধ ঘোষিত সংগঠনৰ পাঁচজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিছে নিৰাপত্তা বাহিনীয়ে।

অভিযানৰ সময়ত কাকছিং জিলাৰ পৰা ৪জন KYKL উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে থৌবাল জিলাৰ পৰা United Revolutionary Front (URF) ৰ এজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে।‌ ধৃত উগ্ৰপন্থী কেইজন এলাঙবাম ৰাজেন সিং, নিংথৌজাম ইবোমছা সিং,মাইবাম ৰোছান সিং, মাইবাম নাওচা সিং আৰু বুদ্ধ মেইটেই ওৰফে ডাইমাল ।

উগ্ৰপন্থীকেইজন অপহৰণ, ধনদাবী আদি বিভিন্ন অপৰাধত জড়িত বুলি জানিব পৰা গৈছে । তেওঁলোকৰ পৰা মেগজিন‌সহ এটা পিস্তল, তিনি জাঁই সংক্ৰিয় গুলি, ধন দাবী পত্ৰ, এখন চাৰিচকীয়া বাহন, এখন বাইকসহ বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।

আনহাতে, থৌবাল জিলাত চলোৱা আন এক অভিযানত মেগজিনসহ দুটা নাইন এম এম মেচিন গান, দুটা ৯ এম এম পিষ্টল, এটা পইন্ট থ্ৰি টু পিস্তল, দুটা থ্ৰি জিৰো থ্ৰি ৰাইফল, এটা 12-Bore Single Barrel Gun, নটা Hand Grenade, ১২৩ টা সতেজ গুলি, এটা Tube Launcher, চাৰিডাল ডিটেনেটৰসহ বুজন সংখ্যক বিষ্ফোৰক আৰু অনান্য সামগ্ৰী জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

মণিপুৰত নিষিদ্ধ সংগঠনৰ পাঁচ উগ্ৰপন্থীসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
বাদশ্বাহৰ গুণানুকীৰ্তন আমেৰিকান অভিনেতা জন চিনাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in