বৃহৎ পৰিমাণৰ নিষিদ্ধ দ্ৰব্যসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

বৃহৎ পৰিমাণৰ নিষিদ্ধ দ্ৰব্যসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰঃড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। শনিবাৰে নিশা ধলাই থানাৰ আৰক্ষীয়ে ভাগাবাজাৰ মনিপুৰ মাৰ্কেটত অভিযান চলাই ৩১ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে আৰক্ষীয়ে।

বাকচ কেইটাৰ পৰা মুঠ ৩৭৫ গ্ৰাম সন্দেহ জনক হেৰ'ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ২ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। ইফালে, ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মুজিবুৰ ৰহমান বৰভূঞা আৰু হিৰুমণি লস্কৰ নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।‌

দুয়োজনৰ ঘৰ থানাৰ অন্তৰ্গত ককাই পুঞ্জী আৰু খানপুৰত । জব্দ কৰা হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ আইজলৰ পৰা কাছাৰলৈ অনাৰ সময়তহে ধলাই আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত জব্দ কৰে।

বৃহৎ পৰিমাণৰ নিষিদ্ধ দ্ৰব্যসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
বিশ্বেশ্বৰ হাজৰিকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in