কাছাৰৰ বালাচৰা টোলগেটত বুজন পৰিমাণৰ অবৈধ সামগ্ৰী জব্দ

কাছাৰৰ বালাচৰা টোলগেটত বুজন পৰিমাণৰ অবৈধ সামগ্ৰী জব্দ
Published on
Updated on

ডিজিটেল সংবাদ, শিলচৰ : ম্যানমাৰত প্ৰস্তুত কৰা গডজিলা ব্ৰেণ্ডৰ মহৰ ঔষধ চোৰাংভাৱে সৰবৰাহৰ অভিযোগত কাছাৰত পশ্চিমবংগৰ দুজন সৰবৰাকাৰীক গ্ৰেপ্তাৰ কৰিছে বৰখলা আৰক্ষীয়ে। বৰখলাৰ বালাচৰা টোলগেটত তালাচী চলোৱাৰ সময়ত WB65E- 0823 নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ কৰা হয়‌ ৮০ কাৰ্টন গডজিলা ব্ৰেণ্ডৰ বাৰ্মিজ মহৰ কয়েল ।

চোৰাঙভাৱে কাছাৰৰ ভাগাৰ পৰা নগাওঁলৈ সৰবৰাহৰ সময়ত বৰখলা আৰক্ষীয়ে জব্দ কৰে মহৰ কয়েল সহ ট্ৰাকখন। অবৈধভাৱে মহৰ কয়েল সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ট্ৰাকখনৰ চালক পশ্চিমবংগ মালডাহৰ ছফিকুল ইছলাম আৰু সহ চালক ৰুকছাদ খানক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিচত শনিবাৰে দুয়োজনকে আদালতৰ নিৰ্দেশত জে'ল হাজোতলৈ প্ৰেৰণ কৰা হয়।

কাছাৰৰ বালাচৰা টোলগেটত বুজন পৰিমাণৰ অবৈধ সামগ্ৰী জব্দ
চিৰাঙৰ আয়ুক্ত কাৰ্যালয়ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰ্যালোচনা সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in