ধলাইত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ : মহিলাসহ ৩মিজো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ধলাইত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ : মহিলাসহ ৩মিজো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Published on

ডিজিটেল‌ সংবাদ‌ শিলচৰ : নিষিদ্ধ‌ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ‌ নিচাযুক্ত য়াবা টেবলেট জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক মনোজ বৰুৱাৰ নেতৃত্বত মিজোৰাম সীমান্তৱৰ্তী ধলাই সপ্তগ্ৰামৰ পৰা ২১ হাজাৰ য়াবা টেবলেট জব্দ কৰে।

শিলচৰ- আইজল ৰাষ্ট্ৰীয় ঘাইপথৰে মিজোৰামৰ পৰা অহা এখন স্কুটিত ( AS-11Z-3404 ) তালাচী চলাই টেবলেটখিনি জব্দ কৰে।‌ কেইবাটাও প্লাষ্টিকৰ পেকেটত বান্ধি স্কুটিখনত সৰবৰাহৰ সময়তে আৰক্ষীয়ে স্কুটীসহ জব্দ কৰে টেবলেটখিনি।‌

উল্লেখ্য যে টেবলেটসমূহ মিজোৰামৰ পৰা কাছাৰত বিক্ৰী কৰাৰ বাবে সৰবৰাহ কৰা হৈছিল।‌ জব্দকৃত টেবলেটখিনিৰ মূল্য প্ৰায় ৬কোটি টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নিচাজাতীয় টেবলেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এগৰাকী মহিলাসহ ৩জন মিজো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী কেইজন কলাছিব জিলাৰ ভাইৰেংটিৰ লালৰিংঘেটছ মিজো (৪৫ ), ইছাকা মিজো (৩৫ ) আৰু ছাইচুয়াল জিলাৰ বেনি ছাইচুয়াল (৩৬) বুলি সদৰী কৰিছে আৰক্ষীয়ে।‌

এই সংক্ৰান্তত ধলাই থানাত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ধলাইত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ : মহিলাসহ ৩মিজো সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
কপিলীৰ খহনীয়াৰ কবলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা কোটি টকীয়া শিলবান্ধ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in