মহালয়া উপলক্ষে শিলচৰত লোকে লোকাৰণ্য পৰিবেশ...

পিতৃ পুৰুষক তৰ্পন দিয়া চাবলৈ লোকে লোকাৰণ্য পৰিবেশ
মহালয়া উপলক্ষে শিলচৰত লোকে লোকাৰণ্য পৰিবেশ...
মহালয়া উপলক্ষে শিলচৰত লোকে লোকাৰণ্য পৰিবেশ...
Published on
Updated on

ডিজিটেল সংবাদ শিলচৰ: আজি পবিত্ৰ মহালয়া। পিতৃ পক্ষৰ অন্ত আৰু দেৱীৰ পক্ষৰ সূচনা হোৱাৰ দিনাই কৈলাশৰ পৰা মৰ্ত্যলৈ নামিছে দুৰ্গতি নাশিনী মা দুৰ্গা। মহালয়াৰ পুৱা চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাক ধৰালৈ আমন্ত্ৰণ জনোৱা হয়।

কথিত আছে যে, আজিৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল। মহালয়া উপলক্ষে আজি পুৱতি নিশাৰ পৰাই হিন্দু ধৰ্মালম্বী লোক সকলে প্ৰাতঃভ্ৰমণ কৰিবলৈ ঘৰৰ পৰা ওলাই আহে।‌

চহৰ, নগৰ আৰু গ্ৰামাঞ্চলৰ পিতৃ তৰ্পন‌ আৰু দেৱী বিসৰ্জন দিয়া ঠাই সমূহত ভিৰ কৰে লোকসকলে। ব্যতিক্ৰম নহয় শিলচৰ চহৰো। প্ৰতি বছৰৰ দৰে এইবাৰো মহালয়া উপলক্ষে শিলচৰত দেখা গৈছে এক উৎসৱ মুখৰ পৰিবেশ।

প্ৰতি বছৰৰ দৰে এইবাৰো শিলচৰ সদৰঘাটলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। সদৰঘাটৰ লগতে সদৰঘাটৰ বিসৰ্জনস্থলী আৰু সদৰঘাটত থকা সেতু দুখনত লোকে লোকাৰণ্য হৈ পৰিছে।

নৈশসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ লক্ষাধিক লোকৰ‌ সমাগম ঘটিছে শিলচৰৰ এই সদৰঘাটত। পথৰ ওপৰত কেৱল মানুহ আৰু মানুহ। পূৰ্বে এই সদৰঘাটৰ বৰাক নদীত পূৰ্ব পুৰুষ অৰ্থাৎ পিতৃ পুৰুষক তৰ্পন দিয়া চাবলৈ লোকে লোকাৰণ্য হৈ পৰিছিল। সেই ৰীতি অব্যাহত ৰাখিবলৈ মহালয়াৰ দিনা সদৰঘাটত ভিৰ কৰে লক্ষাধিক লোকে।

মহালয়া উপলক্ষে শিলচৰত লোকে লোকাৰণ্য পৰিবেশ...
বজালীত চোৰৰ উপদ্ৰৱঃ এইবাৰ লক্ষ্য হ'ল বেংক কৰ্মচাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in