ডিজিটেল সংবাদ, শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই বিশেষ সফলতা লাভ কৰিছে আৰক্ষীয়ে। সোমবাৰৰ দিনটোত পশ্চিম ইম্ফল, পূৱ ইম্ফল আৰু বিষ্ণুপুৰ জিলাত অভিযান চলাই মুঠ ১১ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে।
পশ্চিম ইম্ফল জিলাৰ আৱাং পোটচাংগাম এলেকাৰ পৰা নিষিদ্ধ সংগঠন কে ৱাই কে এল ৰ ৬ জন, বিষ্ণুপুৰ জিলাৰ পৰা ৪ জন কেচিপি আৰু পূৱ ইম্ফল জিলাৰ হেইংগাম মাখা লেইকেই এলেকাৰ পৰা ১ জন ইউ এন এল এফ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে। কেৱাই কে এলৰ উগ্ৰপন্থী কেইজন ওইনাম নাওচা মেইটেই (২৬) বছৰ, থাৰ'ইজাম নানাও মেইটেই (২৫) বছৰ, যুমনাম অমিত কুমাৰ (৩৮) বছৰ, সন্দাম ৰোছন মেইটেই (২৪) বছৰ, মইৰেংথেম বয় সিং (৪১) বছৰ আৰু ৱাৰিবম ইবোমচা মেইটেই (৩৫) বছৰ বুলি চিনাক্ত কৰা হৈছে।
তেওঁলোকৰ জিন্মাৰ পৰা ৩টা বন্দুক টপিং লেন্সাৰ, ৩টা সতেজ গুলী, ১টা টিউব লঞ্চিং খালী কেচ, ১খন চাৰিচকীয়া বাহন, ৬ টা মোবাইল ফোন জব্দ কৰে। উগ্ৰপন্থী কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই ১টা একক বেৰেল বন্দুক, ১টা ডাবল বেৰেল (DBBL) বন্দুক, ২টা বেৰেল গানৰ লাইভ কাৰ্টিজ, এ কে -৪৭ ৰ ৩টা লোডেড মেগজিন সহ ৭৫ টা সতেজ গুলি, এম-১৬ এছাল্ট ৰাইফলৰ ৫টা খালী মেগজিন, বিভিন্ন ধৰণৰ ২৩০টা গুলি,এটা লেপটপ সহ বহুতো আপত্তি জনক সামগ্ৰী জব্দ কৰিছে।
ইফালে, বিষ্ণুপুৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা কে চি পি পি উগ্ৰপন্থী ৪ জন খুন্দৰকপাম ৰজিত সিং (২৮), থোকচোম চনু সিং (২৩), খোইৰাকপাম অভিনাশ সিং (২১) আৰু ৪) খুন্দৰকপাম ভিক্টোৰিয়া দেৱী বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। এই উগ্ৰপন্থী কেইজন ধন দাবীৰ লগত জড়িত আছিল ৷ তেওঁলোকৰ পৰা গুলী সহ এটা পিষ্টল, চাৰিটা মোবাইল ফোন, এখন বাহন আৰু নগদ ৯০০ টকা জব্দ কৰা হৈছে।
আনহাতে,পুৱ ইম্ফল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা ইউএনএলএফ ৰ উগ্ৰপন্থী জন কনছাম ৰমেশ মেইটেই (৪৩ বছৰ) বুলি চিনাক্ত কৰা হৈছে। উগ্ৰপন্থী ধন দাবীৰ কামত জড়িত আছিল। তেওঁৰ জিন্মাৰ পৰা ২টা মোবাইল ফোন, আৰু ১খন দুচকীয়া বাহন জব্দ কৰিছে।
Also Read: ১২,৬০০ পদৰ বিপৰীতে আবেদনকাৰী ৩২ লক্ষাধিক!