নিহাৰ ৰঞ্জন দাসৰ বিৰোধিতাৰে ধলাইত বিজেপিৰ ৩০০ কৰ্মীৰ পদত্যাগ

নিহাৰ ৰঞ্জন দাসৰ বিৰোধিতাৰে ধলাইত বিজেপিৰ ৩০০ কৰ্মীৰ পদত্যাগ
Published on
Updated on

ডিজিটেল সংবাদ,শিলচৰ: প্ৰাৰ্থীত্বক কেন্দ‌ কৰি ধলাই বিজেপিত উলম্ব বিভাজন। অমিয় কান্তি দাসক দলীয় প্ৰাৰ্থীত্ব নিদি বহিৰাগত নিহাৰ ৰঞ্জন দাসক বিজেপিৰ প্ৰাৰ্থীত্ব দিয়াৰ প্ৰতিবাদত দেওবাৰে ৩ শতাধিক বিজেপি কৰ্মীয়ে দলৰ পৰা পদত্যাগ কৰে। অমিয় কান্তি দাসৰ উপস্থিতিত নতুন বজাৰত আয়োজিত এক সভাত সামূহিকভাবে পদত্যাগ কৰে বিজেপি কৰ্মী সকলে।

কেৱল পদত্যাগ কৰাই নহয়,প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত অমিয় কান্তি দাসক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস আৰু সাংসদ পৰিমল শুক্লবৈদ্যক এশিকনি দিবলৈ সাজু হৈছে ধলাই বিজেপিৰ একাংশ লোক। নিহাৰ ৰঞ্জন দাসক ধলাইত নালাগে,বহিৰাগত হটাও, ধলাই বাচাও,পৰিমল শুক্লবৈদ্যৰ এই সিদ্ধান্ত নামানো আদি শ্লোগানেৰে একাংশই ধলাইৰ পৰিবেশ উত্তাল কৰি তোলে।

নিহাৰ ৰঞ্জন দাসৰ বিৰোধিতাৰে ধলাইত বিজেপিৰ ৩০০ কৰ্মীৰ পদত্যাগ
কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in